Breaking

প্ৰথমবাৰৰ বাবে গুৱাহাটী ৰংভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত পাঞ্জাৱী কালচাৰেল প্ৰগ্ৰেমত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং…

0 260

প্ৰথমবাৰৰ বাবে গুৱাহাটী ৰংভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত পান্জাবী কালচাৰেল প্ৰগ্ৰেমত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং ৷

গুৱাহাটী মালিগাঁও গুৰুদ্বাৰৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন উপলক্ষে আয়োজিত কালচাৰেল প্ৰগেমত পান্জাবী কালচাৰ প্ৰদৰ্শন কৰা হয় ৷

গুৱাহাটীৰ বিভিন্ন স্থানৰ যুবক যুবতী শিশু আৰু আদবয়সীয়া লোকসকলে নৃত্যগীত প্ৰদৰ্শনৰে অনুষ্ঠানটো সৰ্বাংগসুন্দৰ কৰি তুলে ৷উপাধ্যক্ষ ৰাজবীৰ সিঙে মুখ্য অতিথিৰ ভাষণত কয় যে – কৃষ্টি সংস্কৃতি হৈছে এটা জাতিৰ মেৰুদণ্ড ৷

এটা জাতি বিশ্ব দৰবাৰত উজ্বলি উঠিবলৈ চহকী সংস্কৃতিৰ বাৰুকৈয়ে প্ৰয়োজন ৷আজি অনুষ্ঠানত মালিগাঁও গুৰুদ্বাৰ প্ৰবন্ধক কমিটিৰ সভাপতি চৰ্দাৰ দলজিৎ সিং ডাঙৰীয়া,উপসভাপতি চৰ্দাৰ মানমোহন সিং মাৰৱাহ ,সাধাৰণ সম্পাদক চৰ্দাৰ ৰন্জিৎ সিং কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু কেইবাশতাধীক লোক উপস্থিত আছিল ৷

Leave A Reply