Breaking

কণমানিটিৰ চিকিৎসাৰ বাবে ৰাইজৰ সহায়ৰ প্ৰয়োজন

0 1,042

কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দূৰ্গাগাঁৱৰ কিশোৰ চহৰীয়াৰ একমাত্ৰ  সন্তান  আয়ন  চহৰীয়াৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে। যিটো বয়সত সমনীয়া বন্ধু-বান্ধৱেৰে ওমলা সময় আছিল সেই বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত তিনিবছৰীয়া কণমানিটি বৰ্তমান চিকিৎসালয়ৰ বিছনাত জীৱন সংগ্ৰাম কৰিব লগা হৈছে। ঘৰৰ আৰ্থিক অৱস্থা অতিকৈ দুৰ্বল। আয়নৰ পিতৃ কিশোৰ চহৰীয়া ব্যক্তিগত কোম্পানীত কাম কৰা এগৰাকী সাধাৰণ কৰ্মচাৰী। শিশুটিৰ চিকিৎসাৰ বাবে পয়ত্ৰিশ লক্ষ্যধিক টকাৰ প্ৰয়োজন হৈছে। উপায়হীন পৰিয়ালটোৱে বৰ্তমান কণমানিটোৰ চিকিৎসাৰ বাবে ৰাইজৰ ওচৰত সহায়ৰ হাত আগবঢ়াইছে। সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈও‌ অনুৰোধ ‌জনাইছে‌ পৰিয়ালটোৱে। সকলোৰে সামৰ্থ্য অনুযায়ী আৰ্থিক সহায়ে কণমানিটোৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ লোকক যথেষ্ট সকাহ দিব।

বেংক একাউণ্ট নম্বৰ:- 50100214473986

Branch:- MangaldaiI

FSC:- HDFC0002032

Account Holder:- Kishor Saharia

Google Pay:- 9859890350

Leave A Reply