Breaking

এছিয়াৰ বাবে ফৰ্বছে প্ৰকাশ কৰিছে এই তালিকা ! তালিকাত কোন কোন ভাৰতীয়ৰ নাম আছে?

0 57

এছিয়াৰ বাবে এই তালিকাখন উলিয়াইছে ফৰ্বছে। ইয়াত আৰু কোন কোন ভাৰতীয়ৰ নাম আছে? ইয়াৰ ভিতৰত আছে ভাৰতীয় কোটিপতি গৌতম আদানী, শিৱ নাদৰ আৰু অশোক ছুতা। ইয়াৰ উপৰিও মালয়েছিয়ান-ভাৰতীয় ব্যৱসায়ী ব্ৰহ্মল বাসুদেৱন আৰু পত্নী শান্তি কান্দিয়াৰ নামো এই তালিকাত আছে।

গৌতম আদানী বৰ্তমান এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি আৰু আদানী গ্ৰুপৰ মুৰব্বী। আনহাতে শিৱ নাদৰ এইচ চি এল টেকন’লজিছ লিমিটেড আৰু শিৱ নাদৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ এমেৰিটাছ। অশোক ছুতা হৈছে হেপিয়েষ্ট মাইণ্ডছ টেকন’লজিছৰ কাৰ্যবাহী অধ্যক্ষ।

প্ৰতিবেদন অনুসৰি আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে দান-বৰঙণিৰ বাবে ৬০ হাজাৰ কোটি টকা (৭.৭ বিলিয়ন ডলাৰ) ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ বাবেই ফৰ্বছে তেওঁক ভাৰতৰ আটাইতকৈ উদাৰ দানবীৰ তালিকাৰ শীৰ্ষত স্থান দিছে। আদানীয়ে দাবী কৰিছে যে তেওঁৰ ধন স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশৰ সৈতে জড়িত কামত ব্যৱহাৰ কৰা হ’ব।

‘প্ৰতি বছৰে ৩৭ লাখ লোকক সহায় কৰা’।
এই সকলো ধন আদানী ফাউণ্ডেশ্যনৰ জৰিয়তে এই কামবোৰত ব্যৱহাৰ কৰা হ’ব। এই ফাউণ্ডেশ্যন ১৯৯৬ চনত গঠন কৰা হৈছিল। ভাৰতীয় ব্যৱসায়ীগৰাকীয়েও দাবী কৰিছে যে তেওঁৰ ফাউণ্ডেচনে প্ৰতি বছৰে ভাৰতৰ প্ৰায় ৩৭ লাখ লোকক সহায় কৰে। প্রতিবেদন অনুসৰি যোৱা কেইটামান দশকত শিৱ নাদৰে নিজৰ সম্পত্তিৰ প্রায় এক বিলিয়ন ডলাৰ বিভিন্ন সামাজিক কামত ব্যয় কৰিছে৷ এই কামসমূহ ৰূপায়ণৰ বাবে শিৱ নাদৰ ফাউণ্ডেচনে কাম কৰে। এই গঠন ১৯৯৪ চনত হৈছিল।

এইবাৰ শিৱ নাদৰে তেওঁৰ ফাউণ্ডেশ্যনলৈ ১১,৬০০ কোটি টকা (১৪২ মিলিয়ন ডলাৰ) অনুদান আগবঢ়ায়। ইয়াৰ উদ্দেশ্য আছিল সমাজৰ বঞ্চিত শ্ৰেণীক শিক্ষিত আৰু সবলীকৰণ। এইচ চি এল টেকন’লজিছৰ সহ-প্ৰতিষ্ঠাপক নাদাৰে এই ফাউণ্ডেশ্যনৰ জৰিয়তে বিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠান স্থাপন কৰাত সহায় কৰিছে, যিয়ে শিল্প আৰু সংস্কৃতিকো প্ৰসাৰিত কৰে।

টেক জায়ান্ট অশোক ছুতাই ২০২১ চনৰ এপ্ৰিল মাহত বাৰ্ধক্য আৰু স্নায়ুজনিত ৰোগৰ অধ্যয়নৰ বাবে গঠন কৰা মেডিকেল ৰিচাৰ্চ ট্ৰাষ্টক ৬০০ কোটি টকা (৭৫ মিলিয়ন ডলাৰ) দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ SKAN (Scientific Knowledge for Aging and Neurologic Elements) নামৰ এটা সংস্থা গঠন কৰিছে। প্ৰথম অৱস্থাত ইয়াৰ বাবে ২০০ কোটি টকা আবণ্টন দিয়া হৈছে, যিটো এতিয়া তিনিগুণ বৃদ্ধি পাইছে।

Leave A Reply