Breaking

বিদেশৰ মাটিত কঠোৰ অনুশীলনত কোহলী ব্ৰিগেড

0 2,040

দক্ষিণ আফ্ৰিকাত উপস্থিত হোৱাৰ পাছতে কঠোৰ অনুশীলনত নামি পৰিছে ভাৰতীয় দলটো। টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত প্ৰথম অনুশীলনত নামি পৰিছে দলটো। ভাৰতীয় দলটোৰ অনুশীলনৰ দৃশ্যপট বিচিচিআইয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ভিডিঅটোত ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অধিনায়ক বিৰাট কোহলীক জোহান্সবাৰ্গৰ ছুপাৰস্পৰ্ট পাৰ্কত ‘ফুটভলী’ খেলি থকা দেখা গৈছে। কোহলীয়েও ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰিছে। কেপচনত কোহলীয়ে লিখিছে, ‘প্ৰথম ছেছনৰ অনুশীলনৰ সামৰণি পৰিছে।‘

কোহলীয়ে পোষ্ট কৰা ছবিখনত উমেশ যাদৱ, মহম্মদ ছিৰাজ, ঈশান্ত শৰ্মা, জয়ন্ত যাদৱ, ৰবিচন্দ্ৰন অশ্বিন আৰু চেতেশ্বৰ পূজাৰাক একেটা ফ্ৰেমতে দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টোত প্ৰথমে কোহলী আৰু দ্ৰাবিড়ক দৌৰি থকা দেখা গৈছে। উল্লেখ্য যে, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হবলগীয়া প্ৰথম টেষ্ট মেচখন ২৬ ডিচেম্বৰত চেঞ্চুৰিয়ানত অনুষ্ঠিত হ’ব। সম্প্ৰতি কোহলী ব্ৰিগেডে জোহান্সবাৰ্গৰ এটা ৰিজৰ্টত বাহৰ পাতি আছে।

কৰ’না মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দলটোক বিশেষ সুৰক্ষা-ব্যৱস্থাৰ মাজত ৰখা হৈছে। আগন্তুক মেচখনক লৈ আশাবাদী ভাৰতীয় অনুৰাগী। নানা বাদ-বিবাদে ভাৰতীয় ক্ৰিকেট বৰ্ডক চুই গলেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সবল স্থিতি লাভ কৰাৰ লগতে ভাৰতীয় দলটোৱে নিজ মতত অলৰ-অচৰ-অবিচল হৈ থকাৰে পোষকতা ক্ৰীড়ানুৰাগীৰ।

Leave A Reply