Breaking

সোণতলীত বন বিভাগৰ অভিযান

0 2,262

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত বামুনীগাঁও আৰু নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ে আজি যৌথভাৱে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই, অভিযানত মাহতলী গাওঁৰ জিন্নত আলীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ  লগতে জিন্নত আলীকো আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। আনহাতে জিন্নত আলীৰ পৰিয়ালৰ অভিযোগ মতে জব্দকৃত চোৰাং কাঠখিনিৰ মালিক পানীখাইতি গাওঁৰ ৰহিজ উদ্দিন বুলি জানিবলৈ দিয়ে। চোৰাং কাঠ ব্যৱসায়ী ৰহিজ উদ্দিন বৰ্তমান পলাতক অৱস্থাত আছে। উল্লেখ্য যে দীর্ঘদিনৰ পৰা সোনতলীৰ বিভিন্ন ঠাইত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি আছিল। আজি হঠাৎ নগৰবেৰা বন বিষয়া মৃনাল অধ্যাপকৰ নেতৃত্বত সোণতলীৰ বিভিন্ন অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলে। অভিযানত শাল চেগুনকে ধৰি প্ৰায় লক্ষাধিক টকাৰ চোৰাং কাঠৰ কাঠ জব্দ কৰাৰ লগতে জিন্নত আলী নামৰ এজন ব্যক্তিক বন বিভাগে আটক কৰিবলৈ সক্ষম হয়। জব্দকৃত চোৰাং কাঠখিনি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যায় বুলি নগৰবেৰাৰ বন বিষয়া মৃনাল অধ্যাপকে জনায়।

Leave A Reply