Breaking

বান্দৰৰ নামত পঞ্জীয়ন হৈ আছে ৩২ একৰ ভূমি;ভূমিৰ স্বত্বাধিকাৰ আছে বান্দৰৰো

0 135

প্ৰায় ১০০টা বান্দৰে বাস কৰা ঠাইখনত সংখ্যা কমি যোৱাত বান্দৰৰ নামত থকা মাটিত গছ ৰোপণ কৰিছে বন বিভাগে।

ধন–সম্পত্তি অথবা ভূমিৰ মালিকীস্বত্ব কেৱল মানুহৰে আছে। এই স্বত্বৰ হকে মানুহে কৰে যুঁজ অথবা বিচাৰে অধিকাৰ। কিন্তু আমাৰ দেশতে এনে এক ঠায়ো আছে, য’ত ভূমিৰ স্বত্বাধিকাৰ আছে বান্দৰৰ। মাটিৰ মালিক যেতিয়া এজাক বান্দৰ, মানুহেও দিয়ে সন্মান।

এই গাঁওখন আছে মহাৰাষ্ট্ৰত। প্ৰায় ৩২ একৰ মাটি বান্দৰৰ নামত আছে ইয়াত। অৱশ্যে এয়া বান্দৰে নিজে কৰা নাই। বহু বছৰ আগেয়ে মালিকীস্বত্ব দি বন্যপ্ৰেমৰ নিদৰ্শন দেখুৱাইছিল কোনোৱে। ওচমানাবাদৰ উপলা গাঁৱত এই বান্দৰবোৰে মাটিৰ মালিকীস্বত্ব লাভ কৰাই নহয়, তেওঁলোকক যথাযথ সন্মানো দিয়া হৈছে। বান্দৰক ইমানেই সন্মান কৰা হয় যে বিয়াৰ আগতে মানুহে কেৱল বান্দৰকহে প্ৰথম উপহাৰ দিয়ে।

উপলা গাঁওখন শ শ বান্দৰ বাসস্থান। গাঁৱৰ কাৰোবাৰ ঘৰৰ সন্মুখত যেতিয়াই বান্দৰ আহে, সিহঁতক অতি শ্ৰদ্ধাৰে খাদ্য আগবঢ়োৱা হয়। কোনো বিশেষ অনুষ্ঠানত বান্দৰৰ উপস্থিতি শুভ বুলি গণ্য কৰা হয়। পিটিআইৰ প্ৰতিবেদন অনুসৰি এই ভূমি কেতিয়া বান্দৰৰ নামত দিয়া হৈছিল গাঁৱৰ মানুহে নাজানে। কিন্তু নথিমতে মাটিৰ মালিক বান্দৰ।

প্ৰায় ১০০টা বান্দৰে বাস কৰা ঠাইখনত সংখ্যা কমি যোৱাত বান্দৰৰ নামত থকা ৩২ একৰ মাটিত বন বিভাগে গছ-গছনিও ৰোপণ কৰিছে, যাতে সিহঁতে খাদ্য অভাৱত নপৰে। এই ঘটনা আজব যেন লাগিলেও ই সত্য আৰু বান্দৰ–মানুহৰ সহবাসৰ নিদৰ্শন।

Leave A Reply