Breaking

কাৰ্বি পাহাৰত চলিছে বন ধ্বংসৰ যজ্ঞ, নিৰ্বিকাৰ ৰাজ‍্যৰ বন বিভাগ

0 37

ৰাজ‍্য চৰকাৰৰ বন বিভাগ আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মাজত বুজা-বুজিৰ অভাৱে সৃষ্টি কৰিছে নেকি জটিলতা?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ এনিমেল ক’ৰিড’ৰৰ উচ্ছেদ ,কি প্ৰতিক্ৰিয়া ৰাজ‍্যৰ বন মন্ত্ৰীৰ?


ৰাজ‍্যত শেহতীয়াকৈ আবাধ হাৰত বৃদ্ধি হৈছে বন ধ্বংস। আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ এনিমেল ক’ৰিড’ৰৰ উচ্ছেদৰ ঘটনা সংঘটিত হৈছে।দুয়োটা বিষয়তে কলিয়াবৰত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ‍্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ‍্যই।একাংশ অসাধু চক্ৰই কাৰ্বি পাহাৰত চলোৱা অবাধ বন ধ্বংসৰ বাতৰি বিভিন্ন মাধ‍্যমত প্ৰচাৰ হোৱাৰ পাছতেই – অসাধু চক্ৰই অবিৰত চেষ্টা অব্যাহত ৰখাৰ কথা স্বীকাৰ কলিয়াবৰত উপস্থিত হৈ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।কাৰ্বি পাহাৰৰ সেউজক্ষেত্ৰ ধ্বংসৰ বাবে এটা অসাধু চক্ৰই অবিৰত চেষ্টা অব্যাহত ৰখাৰ কথা স্বীকাৰ কৰিলে কলিয়াবৰত উপস্থিত হৈ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

 কলিয়াবৰত অকপট স্বীকাৰোক্তি আগবঢ়াই বনমন্ত্ৰীয়ে ক’লে- ‘আমি দুষ্টচক্ৰক প্ৰতিৰোধৰ বাবে প্ৰচেষ্টাৰ ত্ৰুটি কৰা নাই, আমি আমাৰ ক্ষমতাৰে অব্যাহত ৰাখিছো প্ৰচেষ্টা।’ অৱশ্যে কাৰ্বি আংলঙৰ বন ভূমি স্বায়ত্ব শাসিত পৰিষদৰ স্বতন্ত্ৰ নিয়ম-নীতিৰে পৰিচালিত হোৱা স্বত্বেও বন বিভাগে সমন্বয় সাধনৰে দুষ্টচক্ৰক প্ৰতিৰোধৰ যুঁজখনত সক্ৰিয় অংশগ্ৰহণ আগবঢ়াবলৈ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদক জনালে আহ্বান। প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ দায়িত্ব সকলোৰে – এই মন্তব্য প্ৰদান কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।জাগীৰোডৰ সমীপৰ কুঠৰী নামৰ ঠাইত হোৱা ঘটনাৰ উল্লেখ কৰি কয় যে, বিগত সময়ছোৱাত কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠ কাৰ্বি পাহাৰৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰিছিল একাং অসাধু লোকে।কলিয়াবৰ বনবিভাগেও প্ৰায়ে জব্দ কৰে কাৰ্বি আংলঙৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা কাঠ ভৰ্তি বাহন।তদুপৰি, কাজিৰঙাৰ সমীপৰ এনিমেল ক’ৰিড’ৰৰ উচ্ছেদ সম্পৰ্কেও মত প্ৰকাশ কৰি কয় যে, পূৰ্বৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ জীৱকুলে বিচৰণ কৰা কাষৰীয়া অঞ্চলসমূহ মুক্ত কৰি ৰাখিবই লাগিব।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশ মৰ্মে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৭ টা আৰু বোকাখাট মহকুমাৰ অন্তৰ্গত ২ টাকৈ এনিমেল কৰিড’ৰত হোটেল¸ ৰেষ্টুৰেণ্টৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলোৱা উচ্ছেদ সম্পৰ্কত কলিয়াবৰত উপস্থিত হৈ প্ৰয়োজনত এনে উচ্ছেদ ভৱিষ‍্যতেও চলি থাকিব বুলি প্ৰকাশ কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।বন্যপ্ৰাণীসমূহ যিহেতু আমাৰ সস্পদ সেয়ে বন্যপ্ৰাণীক জীয়াই থকাৰ ব্যৱস্থা দিয়াৰ দায়িত্বও আমাৰে।কাজিৰঙাৰ জীৱকুলক জীয়াই থকাৰ ব্যৱস্থা দিবৰ হ’লে এনিমেল ক’ৰিড’ৰ মুকলি কৰি ৰাখিবই লাগিব, এইদৰে গুৰুত্বপূৰ্ণ মন্তব‍্য প্ৰকাশ কৰে।উচ্ছেদৰ ফলত ব‍্যৱসায়ীসকলৰ বিশেষ ক্ষতিৰ সন্মুখীন হোৱাৰ বিষয়টোত একমত প্ৰকাশ কৰিলেও বন মন্ত্ৰী গৰাকীয়ে পূৰ্বৰে পৰা বন‍্যপ্ৰাণীসমূহে বিচৰণৰ বাবে ব‍্যৱহাৰ কৰা স্থানসমূহ মুকলি কৰি ৰখাৰো ব‍্যৱস্থাও বাধ‍্যতামূলক বুলি মন্তব‍্য কৰে।

যিহেতু কলিয়াবৰ মহকুমাৰ ৭টা আৰু বোকাখাট মহকুমাৰ ২টা এনিমেল ক’ৰিড’ৰত উচ্চতম ন‍্যায়লয়ৰ নিৰ্দেশ পালন কৰি এই উচ্ছেদ কৰা হৈছে।আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ কৰ্তৃপক্ষ আৰু কাষৰীয়া ৰাইজৰ সহযোগত সুৰক্ষিত হৈ থকা জীৱকুলে কাজিৰঙাক সুন্দৰ কৰি ৰাখিছে। কাজিৰঙাক সুন্দৰ কৰি ৰখাৰ দায়িত্ব সকলোৰে। কাজিৰঙাৰ সৌন্দৰ্য ঘূৰাই অনা হৈছেে আৰু সেয়ে এই বৰ্ষত বৰ্তমানলৈ আগমন ঘটিছে প্ৰায় দুই লাখ বিশ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ। চলিত পৰ্যটন বৰ্ষ সামৰণি পৰালৈ পৰ্যটকৰ সংখ্যাই আঢ়ৈ লাখৰ দেওনা অতিক্ৰম কৰিব বুলি কলিয়াবৰত উপস্থিত হৈ আশা প্ৰকাশ কৰে বন মন্ত্ৰীয়ে।

Leave A Reply