Breaking

বন ধ্বংসকাৰীক বিহা হ’ব কঠোৰতম শাস্তি -জিতু গোস্বামী

0 530

নগাঁও জিলা বন সংমণ্ডল কাৰ্যালয়ৰ এলেকাধীন কঠিয়াতলি আঞ্চলিক বন বিষয়া কাৰ্যালয় আৰু কন্দলি খণ্ড বন বিষয়া কাৰ্যালয়ৰ অধীনৰ গাভৰু জুৰিৰ পাৰত আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৩৫ হেক্টৰ বন ভূমিত হাতীৰ উপযোগী গছপুলি ৰোপন কৰা হয়।দুই বছৰৰ ভিতৰত মুঠ ৬৫০ হেক্টৰ বন ভূমিত হাতীৰ উপযোগী গছপুলি ৰোপনৰ কাৰ্যসূচী হাতত লোৱা নগাঁও বন বিভাগৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।নগাঁও জিলা সংমণ্ডল বন বিষয়া বচনথম বিয়ে আত ধৰা এই কাৰ্যসূচীত নগাঁও সদৰ আঞ্চলিক বন বিষয়া জয়ন্ত গোস্বামী, শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডল আৰু কঠিয়াতলি আঞ্চলিক বন বিষয়া দুলাল বৰদলৈ,বনপালক প্ৰভাত বৰা প্ৰমুখ্যে বন বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীৰ উপস্থিত থাকে। কভিড প্ৰটকল ৰক্ষা কৰি অনুষ্ঠিত হোৱা কাৰ্যসূচীত কন্দলি ,বামুনীকে ধৰি আশে পাশে থকা বহু অঞ্চলৰ গাঁওবুঢ়া,গাঁও পঞ্চায়ত ,সভাতিকে ধৰি বহু স্থানীয় লোকে  অংশগ্ৰহণ কৰে।উল্লেখ , যোৱা ১৩ মে তাৰিখে কন্দলিৰ সমীপবৰ্তী তপতজুৰি এলেকাত ব্ৰজপাতৰ ফলত ১৮ টাকৈ বন্য হস্তীয়ে কৰুণ মৃত্যুক সাৱটি লব লগা হয়।বিশেষকৈ খাদ্যৰ অভাৱত বনাঞ্চলত থকা বন্য হস্তীয়ে জনাঞ্চলত প্ৰবেশ কৰি উপদ্ৰৱ চলোৱাৰ বাবে দিনক দিনে হাতী মানুহৰ সংঘাট বৃদ্ধি পাইছে।এনেধৰণৰ সংঘাত ৰোধ কৰাৰ বাবে হাতীৰ খাদ্যৰ উপযোগী গছপুলি ৰোপনৰ কাৰ্যসূচী এক ইতিবাচক খবৰ হিছাপে বিবেচিত হৈছে।আজি এই কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধায়ক জিতু গোস্বামীয়ে কয় যোৱা ১৩ মেত কন্দলি তপত জুৰি ব্ৰজপাত পৰি ১৮ টাকৈ হাতীৰ কৰুণ মৃত্যু হৈছিল।ইয়াৰ পিছতে মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই পাহাৰটো সেউজীয়া আৰু সুন্দৰ কৰি তোলাৰ পদক্ষেপ গ্ৰহন কৰা হৈছে।বৰ্তমান সময়ত ৩৫ হেক্টৰ বন ভূমিত এই আঁচনি হাতত লোৱা হৈছে আৰু দুবছৰৰ ভিতৰত ৬৫০ হেক্টৰ ভূমিত এই বৃক্ষৰোপন কাৰ্যসূচীৰ জৰিয়তে সামৰি লোৱা হব বুলি বিধায়ক গৰাকীয়ে উল্লেখ কৰে।অবৈধ ভাৱে গছ কাটি বন ধ্বংস কৰা বন মাফিয়াৰ বিৰুদ্ধে কঠোৰতম শাস্তি বিহা হব বুলি বিধায়ক জিতু গোস্বামীয়ে উল্লেখ কৰি ৰোপন কৰা গছপুলি সমূহ ৰক্ষণাবেক্ষণৰ বাবে স্থানীয় লোকক দায়িত্ব অৰ্পন কৰা হৈছে আৰু ইতিমধ্যে স্থানীয় লোকসকলক জড়িত কৰি সমিতি গঠন কৰা হৈছে।আজিৰ এই কাৰ্যসূচীত নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ,টিৱা কাউঞ্চিলৰ সভাপতি মদন বৰদলৈকে ধৰি বন বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া ,সমাজকৰ্মী স্থানীয় ৰাইজ উপস্থিত থাকি একোটাকৈ গছপুলি ৰোপন কৰি কাৰ্যসূচী সফল কৰি তোলে।

Leave A Reply