Breaking

লাভলীনাক “অসম সৌৰভ” বঁটা গ্ৰহণৰ আনুষ্ঠানিক নিমন্ত্ৰণ

0 2,062

অসম চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ আসামৰিক সন্মান ‘অসম সৌৰভ’ বঁটা গ্ৰহণৰ বাবে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক আজি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিক ভাৱে নিমন্ত্ৰণ জনোৱা হয়। স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে নিশা বৰপথাৰ মৌজাৰ অন্তৰ্গত বাৰমুখীয়া গাঁওস্থিত লাভলীনা বৰগোঁহাইৰ বাসগৃহত উপস্থিত হৈ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা স্বাক্ষৰিত অসম চৰকাৰৰ আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ অলিম্পিক পদক বিজয়ীগৰাকীৰ হাতত অৰ্পণ কৰে।

আনহাতে  মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি  নিমন্ত্ৰণ আগবঢ়াবলৈ যোৱা স্বাস্থ্যমন্ত্ৰী গৰাকীৰ  সৈতে লাভলীনা বৰগোহাঁইৰ গৃহত উপস্থিত থাকে  সৰুপথাৰ সমষ্টিৰ  বিধায়ক বিশ্বজিৎ ফুকন আৰু গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা। উল্লেখ্য যে, অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ কলাক্ষেত্ৰত অসম চৰকাৰে আয়োজন কৰা এক বিশেষ  অনুষ্ঠানত ৰাজ্যৰ সৰ্বোচ্চ, দ্বিতীয় সৰ্বোচ্চ আৰু তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান ক্ৰমে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰব বঁটা প্ৰথমবাৰলৈ আগবঢ়োৱা হ’ব।

Leave A Reply