Breaking

অসম মাদ্ৰাছা শিক্ষা বৰ্ড গঠন…

0 59

অসম মাদ্ৰাছা শিক্ষা বৰ্ড গঠন । অসম আহলে চুন্নত ওৱাল জামাত মাদ্ৰাছা শিক্ষা ব’ৰ্ড গঠন । সঞ্চালক প্ৰধান মুফতি মকিকবুৰ ৰহমান আজহাৰী । সভাপতি বৰপেটা জিলাৰ মুফতি হাইদৰ আলী। অসমৰ DGP পৰামৰ্শ অনুসৰি মাদ্ৰাছা শিক্ষা ব’ৰ্ড গঠন । একত্ৰিত হল সহশ্ৰাধীক মাদ্ৰাছা ।

অসমৰ সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি একত্ৰিত হল সহশ্ৰাধীক মাদ্ৰাছা। গঠন কৰিলে মাদ্ৰাছা শিক্ষা বৰ্ড । মাদ্ৰাছা শিক্ষা বৰ্ড গঠনাৰ্থে দৰঙৰ ধুলাত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।ইছলামিক ৰিচাৰ্ছ চেন্টাৰৰ সভাপতি মকিকবুৰ ৰহমান আজহাৰীৰ নেতৃত্বত অনুষ্ঠিত হোৱা সভাত অসম আহলে ছুন্নত ওয়াল জামাত মাদ্ৰাছা শিক্ষা বৰ্ড গঠন কৰা হয়। এই মাদ্ৰাছা শিক্ষা বৰ্ডৰ জড়িয়তে অসমৰ সকলো মাদ্ৰাছাৰ শিক্ষা ব্যৱস্থাক এক নতুন ৰূপ দিব বুলি জনায় সঞ্চালক প্ৰধান মকিকবুৰ ৰহমান আজহাৰীয়ে ।

অসমৰ ১৬ খন জিলাৰ মাদ্ৰাছাৰ শিক্ষক আৰু আলিম সকলে উপস্থিত হৈ এই বোৰ্ড গঠন কৰে। মুফতি মকিকবুৰ ৰহমান আজহাৰীক সঞ্চালক প্ৰধান বৰপেটা জিলাৰ মুফতি হাইদৰ আলীক সভাপতি হিচাপে বাচনি কৰি ৩১ জনীয়া সদস্যৰে নতুন মাদ্ৰাছা শিক্ষা বৰ্ড গঠন কৰা হয়।

Leave A Reply