Breaking

গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বাক্সা জিলা সমিতি গঠন

0 2,134

বাক্সা জিলাৰ বৰমাস্থিত বৰমা প্ৰেছ ক্লাৱত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বাক্সা জিলা সমিতিৰ এক সাধাৰণ সভা অনুষ্ঠিত হয় ৷ জিলা সমিতিৰ তদৰ্থ সমিতিৰ সভাপতি আতিকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত বাক্সা জিলাৰ অন্তৰ্গত আটাইকেইখন আঞ্চলিক সমিতিৰ সদস্যসকলৰ উপস্থিতিত এক পূৰ্ণাঙ্গ সমিতি গঠন কৰা হয় ৷ মজিবৰ ৰহমানক সভাপতি, চিদ্দিক আলীক কাৰ্যকৰী সভাপতি, আতিকুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ ৪১ জনীয়া বাক্সা জিলা সমিতিখন গঠন কৰা হয়। আনহাতে আজিৰ সভাতে গৰিয়া-মৰিয়া উন্নয়ণ পৰিষদৰ নৱ-নিযুক্ত অধ্যক্ষ হাফিজুল আহমেদক বাক্সা জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সভাত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) হাচিফুল ইছলাম, বিত্ত সম্পাদক জালালুদ্দিন আহমেদ, সাংগঠনিক সম্পাদক আৰফান আলী চৌধুৰী, মহিলা সমিতিৰ কেন্দ্ৰীয় আহ্বায়ক সমিতিৰ অন্যতম সদস্যা ৰমীজা বেগম, কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক মুকুল আলীও উপস্থিত থাকে ৷

Leave A Reply