Breaking

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখা গঠন। সভানেত্ৰী সংগীতা মহন্ত আৰু সম্পাদিকা নিভা অধিকাৰী…

0 97

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ এখন বিশেষ সভা আজি কামৰূপ জিলাৰ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালৰ সভাকক্ষত অনুষ্ঠিত হয়। মহাবিদ্যালয় খনত থকা কে কে সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সভাগৃহত পোন প্ৰথমবাৰৰ বাবে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখাৰ গঠন কৰা সন্দৰ্ভত সভা অনুষ্ঠিত হয়। কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্ৰী তথা লেখিকা নন্দিতা চলিহাই সভা খনৰ সভাপতিত্ব কৰে। সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে লেখিকা নিলিমা বড়া ; দৰ্পণা নেওগ ; কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদিকা ড° সোণালী বড়া হাজৰিকাই। সভাৰ আৰম্ভণিত বন্তি প্ৰজ্বলন কৰে বকো মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মীৰা মহন্তই।বন্তি প্ৰজ্বোলক মহন্তই বন্তি প্ৰজ্বলনৰ অন্তত ভাষণ প্ৰসংগত উল্লেখ কৰে যে সাহিত্য এটা জাতিৰ দাপোন গতিকে সাহিত্য এৰি কোনো এটা জাতি জনজাতিৰ উন্নয়ন সাধন কৰিব নোৱাৰে। বন্তি প্ৰজ্বলনৰ পাছতেই ” চিৰ চেনেহী মোৰ ভাষা জননী ” শীৰ্ষক সমবেত সংগীতেৰে সভা শুভাৰম্ভ হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সদস্যা সংগীতা মহন্তই।

সংগীতা মহন্তই নিজৰ ভাষণত প্ৰকাশ কৰে যে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখা গঠনৰ জৰিয়তে অঞ্চলটোত শিক্ষা ; সাহিত্য আৰু সংস্কৃতি বিকাশৰ লক্ষ্যৰে বকো অঞ্চলটোৰ মহিলা, শিশু তথা যুৱতী সকলক সৱলীকৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হব বুলি প্ৰকাশ কৰে।উল্লেখযোগ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতি অসমৰ এক বেচৰকাৰী সংগঠন যিয়ে সাহিত্যৰ জৰিয়তে অসমৰ নাৰী সমাজৰ বিকাশৰ হকে কাম কৰি আহিছে। ইফালে ১৯৭৪ চনত স্থাপিত হোৱা এই সমিতিৰ সৰ্বমুঠ শাখাৰ সংখ্যা ছয়শতকৈও অধিক। সংগঠনটিৰ মুখ্য কাৰ্যালয় তেজপুৰত অৱস্থিত। মাত্ৰ দুজন সদস্যৰে আৰম্ভ হোৱা এই আন্দোলনটোৰ বৰ্তমান সমগ্ৰ অসমতে সংগঠনটোৰ ৬০০ টাৰো অধিক শাখাত ৭০ হাজাৰৰো অধিক সদস্য আছে। কলিকতা, শিলচৰ, দিল্লী আৰু ডিমাপুৰতো ইয়াৰ শাখা আছে বুলি জানিব দিয়ে নেতৃবৃন্দই। প্ৰকাশ্য যে ; বকোৰ নতুন প্ৰজন্মৰ শিক্ষিত মহিলা মৌচুমী পাঠক কলিতা ; জৱা পাঠক ডেকা ; দুলুমণি দাস কলিতা ; অৰ্পণা সৰকাৰ ; নিভা অধিকাৰী ; গীতিকা ৰাভা বড়োৰ তৎপৰতাত সভাখন সাফল্যমণ্ডিত কৰা হয়। সেয় বিশিষ্ট অতিথি সকলৰ লগতে সভাত উপস্থিত থকা সকলোৱে বকোৰ লেখিকা সকলোক শলাগ লয়। সভাত লেখিকা নিলিমা বড়াই নিজৰ ভাষণত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন নিয়ম নীতি, সংবিধানৰ বিষয়ে আলোকপাত কৰাৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাতা ড° শ্বীলা বৰঠাকুৰৰ বিষয়ে আলোচনা কৰাৰ লগতে সমাৰোহৰ সোণালী জয়ন্তী দুৱাৰডলিত বুলি জানিবলৈ দিয়ে। বকোৰ দৰদী কন্ঠ শিল্পী তথা বৌদ্ধিক নাৰী গীতিকা ৰাভা বড়োই ভক্তিমূলক গীত পৰিৱেশন কৰি পযিবেশ মধুৰ কৰি তোলে।

সভাত সৰ্বসন্মতিক্ৰমে সংগীতা মহন্তক সভানেত্ৰী আৰু নিভা অধিকাৰীক সাধাৰণ সম্পাদিকা হিচাপে মনোনীত কৰি অসম লেখিকা সমাৰোহৰ বকো শাখা সমিতি খন গঠন কৰে। লেখিকা সমাৰোহৰ বকো শাখাৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোত নাৰীৰ সৱলীকৰণৰ লগতে শৈক্ষিক ; বৌদ্ধিক আৰু সামাজিক তথা সাংস্কৃতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ঘোষণা কৰে।

Leave A Reply