Breaking

ছেফাংগুৰী আমছুৰ শাখা সমিতি গঠনঃ বাল্য বিবাহ, বহু বিবাহ, নিচামুক্ত সমাজ গঢ়াৰ পণঃ আমছুৰ

0 79

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ নিৰ্দেশমৰ্মে গোসাইগাঁও আঞ্চলিক সমিতি আমছুৰ উদ্যোগত শুক্ৰবাৰে ৰাতি ছেৰফাংগুৰীস্থিত শংকৰ আজান জাতীয় বিদ্যালয় প্ৰাংগনত এখন সধাৰণ সভা অনুষ্ঠিত হয় ৷ আমছুৰ গোসাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি আব্দুল হাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰফিকুল ইছলামে আমছুৰ ইতিবৃত্ত সম্পৰ্কে ভাষন প্ৰদান কৰে ৷ আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সফিকুল ইছলাম ওৰফে বাবুলে আমছু সংগঠনৰ নীতি আদৰ্শ সম্পৰ্কে বিস্তাৰিত ব্যাখ্যা দাঙি ধৰি ভাষণ আগবঢ়াই৷

উক্ত সভাতে সৰ্বসন্মতি ক্ৰমে আব্দুৰ ৰহিম শ্বেখক সভাপতি আৰু ছানোৱাৰ আলীক সাধাৰণ সম্পাদক হিচাপে লৈ ৫১ জনীয়া সদস্যৰে আমছুৰ ২ নং ছেৰফাংগুৰী শাখা সমিতিখন গঠন কৰা হয় ৷ লগতে নৱ সদস্য সকলক এখনকৈ ফুলাম গামোছাৰে আদৰি লয়।নৱ গঠিত শাখা সমিতিখনে বাল্যবিবাহ ,বহু বিবাহ ,নিচামুক্ত সমাজ গঢ়াৰ স্বাৰ্থত দায়বদ্ধতাৰে কাম কৰি যাব বুলি সদৰী কৰে লগতে শিক্ষাৰ ক্ষেত্ৰত জাগৰণ অনাৰ দৃঢ় সংকল্পৰে সমাজৰ হিতাৰ্থে কাম কৰি যাব বুলি আমছুৰ নৱ গঠিত শাখা সমিতিয়ে পণ লয় ৷

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

Leave A Reply