Breaking

ডিমাকুছি সংবাদ সাহিত্য সেৱা মঞ্চ সামাজিক সংস্থা গঠন

0 65

শাৰদীয় দুৰ্গোৎসৱৰ নৱমীৰ দিনটোতে ওদালগুৰিৰ ডিমাকুছিত আত্মপ্ৰকাশ বৃহত্তৰ ডিমাকুছি সংবাদ সাহিত্য সেৱা মঞ্চ নামৰ এক সামাজিক সংস্থাৰ ৷ হিমালয়ৰ পাদদেশৰ বৃহত্তৰ ডিমাকুছিৰ ডিমাকুছি , কালিখোলা , ৰজাগড় , আটাৰীখাট , গৰুৱাঝাৰ আদি অঞ্চলক সামৰি গঠন কৰা হ’য় সংস্থাটি ৷ বৃহত্তৰ ডিমাকুছিক প্ৰতিনিধিত্ব কৰা সাংবাদিক , সাহিত্যিক , শিল্পী , শিক্ষাবিদ তথা বুদ্ধিজীৱি সকলক লৈ ডিমাকুছিত এক শৈক্ষিক , বৌদ্ধিক বিল্পৱ সৃষ্টিৰ লক্ষ্যৰে বৃহত্তৰ ডিমাকুছি সংবাদ – সাহিত্য সেৱা মঞ্চ নামৰ সামাজিক সংস্থাটিৰ জন্ম দিয়াৰ কথা সদৰি কৰে মুখ্য আহ্বায়ক ৰুদ্ৰ দৰঙ্গী কোচে ৷

মঙলবাৰে খালিংদুৱাৰ ননৈ সংৰক্ষিত বনাঞ্চলৰ অতিথিশালাত অনুষ্ঠিত বুদ্ধি সুবেদীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সাধাৰণ সভাত ।উক্ত সভাতেই ৰুদ্ৰ ডেকাক মুখ্য উপদেষ্টা , ধনঞ্জয় ৰামচিয়াৰী , ৰবীন গোৱালা , ৰাতুল ডেকা , দিবাকৰ নায়কক উপদেষ্টা , বুদ্ধি সুবেদীক সভাপতি , সপোন ডেকাক উপ সভাপতি , তীৰ্থ শৰ্মাক সম্পাদক , কেশৱ কলিতাক সহ সম্পাদক হিচাপে লৈ বৃহত্তৰ ডিমাকুছি সংবাদ – সাহিত্য সেৱা মঞ্চৰ ১১ জনীয়া তদৰ্থ সমিতি খন গঠন কৰা হ’য় ৷

পৰৱৰ্তী সময়ত বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভাৰ জৰিয়তে বৃহত্তৰ ডিমাকুছিৰ জ্যেষ্ঠ নাগৰিক , সাহিত্যিক , শিল্পী সমাজক জড়িত কৰি বৃহত্তৰ ডিমাকুছি সংবাদ – সাহিত্য সেৱা মঞ্চৰ পূৰ্ণাংগ সমিতি গঠন কৰা হ’ৱ বুলি জানিবলৈ দিয়ে সভাপতি বুদ্ধি সুবেদী আৰু সম্পাদক তীৰ্থ শৰ্মাই ৷আনহাতে অনুষ্ঠানখনত কবি অৰূপ বড়ো আৰু ফটিক ৰাভাৰ স্বৰচিত কবিতাৰ পাঠে অনুষ্ঠান খন জীপাল কৰি তোলে।

টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

Leave A Reply