Breaking

গোৰ্খা ছাত্ৰ সন্থাৰ মহমাৰা আৰু বৰগাঁও শাখা সমিতি গঠন

0 2,078

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ,ফিল’বাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত  মহমাৰা শাখা সমিতি আজি গঠন কৰে। ফিল’বাৰী  মহমৰা শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত গোৰ্খা ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ সভাপতি ঘনশ্যাম ছেত্ৰীৰ সঞ্চালনাত অনুষ্ঠিত মহমৰা শাখা সমিতি গঠন সভাৰ আত ধৰে আঞ্চলিক সমিতিৰ সম্পাদক ৰঞ্জিত ৰেগমীয়ে। আজিৰ সভাৰ  সৰ্বসন্মতি মৰ্মে পাপু ছেত্ৰীক সভাপতি আৰু লস্মন ছেত্ৰীক সম্পাদক হিচাপে লৈ এক শক্তিশালী সমিতি গঠন কৰে। মহমাৰা শাখা সমিতি গঠন কাৰ্যসূচীত বক্তব্য আগবঢ়াই  গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰাক্তন উপ -সভাপতি  জগত শৰ্মা, আঞ্চলিক সমিতিৰ প্ৰাক্তন সম্পাদক জ্ঞানন্দ্ৰ শৰ্মা, প্ৰাক্তন সাংস্কৃতিক সম্পাদক উমেশ খুলালে বক্তব্য আগবঢ়াই। ইফালে বৰগাঁও সাংস্কৃতিক সংঘৰ কাৰ্যালয়ত আঞ্চলিক সমিতিৰ সম্পাদক ৰঞ্জিত ৰেগমীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা  সভাত চাধীন ছেত্ৰীক সভাপতি আৰু কপিল উপাধ্যায়ক  সম্পাদক হিচাপে লৈ বৰগাঁও শাখা সমিতি গঠন কৰা হয়।

Leave A Reply