Breaking

ভাৰতীয় গণনাট্য সংঘৰ নলবাৰী জিলা সমিতি গঠন…

0 82

“দেশেই আমাৰ নাটঘৰ ৰাইজেই ভাৱৰীয়া”শীৰ্ষক কথাৰে ১৯৪৩ চনৰ তাহানিতে জন্মলাভ কৰিছিল ভাৰতীয় গণনাট্য সংঘ । সময়ৰ আহ্বানত উক্ত সংঘৰ আন এখন নতুন সমিতি নলবাৰী জিলা সমিতিখন গঠন কৰা হয়।

সেইমৰ্মে ৰবিবাৰে নলবাৰী চহৰৰ মাজমজিয়াত থকা ছোৱালী হাইস্কুল প্ৰাঙ্গনত ভাৰতীয় গণনাট্য সংঘৰ নলবাৰী জিলা অভিৱৰ্তন শীৰ্ষক এক সভা অনুষ্ঠিত কৰি নলবাৰী জিলা সমিতি গঠন কৰা হয়। উক্ত সভাত নলবাৰী সমাজ জীৱনৰ লগত জড়িত সচেতন ব্যক্তি সকলৰ লগতে আন আন বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

ইপিনে উক্ত সভাতে জিলা খনৰ বিভিন্ন ঠাইৰ শিল্পী,সাহিত্যিক, নাট্যকৰ্মী,সাংবাদিক, তথা বিশিষ্ট ব্যক্তি সকলক লৈ উক্ত সংঘৰ ৩১ জনীয় নলবাৰী জিলা সমিতি গঠন হয় । নলবাৰীৰ গণশিল্পী সূনীল কুমাৰ দাসক সভাপতি, শিল্পী তথা নলবাৰী সমাজ জীৱনৰ চৰ্চিত ব্যক্তি ধীৰেন কুমাৰ বৰ্মনক কাৰ্য্যকৰী সভাপতি,জনপ্ৰিয় বাদক তাপস কুমাৰ বৰ্মনক সম্পাদক হিচাপে লৈ এখন ৩১ জনীয় সমিতি গঠন কৰা হয় ।
-ধ্ৰুব জ্যোতি মালাকাৰ

Leave A Reply