Breaking

প্ৰাক্তন অভিনেত্ৰী ছানা খানে সন্তানৰ নাম ৰাখিলে ছৈয়দ তাৰিক জমীল। নামটোৰ এক বিশেষ অৰ্থ আছে! অৰ্থটো কি জানেনে…

0 74

প্ৰাক্তন অভিনেত্ৰী ছানা খান আৰু আনাছে পুত্ৰৰ নাম প্ৰকাশ কৰিলে। শেহতীয়াকৈ প্ৰাক্তন অভিনেত্ৰী ছানা খান মাতৃ হৈছে। বৰ্তমান তেওঁ নিজৰ সন্তানৰ নাম অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে আৰু লগতে এই নামটোৰ অৰ্থও প্ৰকাশ কৰিছে। ২০২০ চনত মনোৰঞ্জন জগত এৰি চুৰাটৰ ব্যৱসায়ী মৌলানা আনাছ চৈয়দৰ সৈতে বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰী ছানা খান। ২০২৩ৰ ৫ জুলাইত এটি পুত্ৰ সন্তানৰ মাতৃ হয় ছানা খান। অভিনেত্ৰীগৰাকীয়ে এতিয়া প্ৰকাশ কৰিছে নিজৰ সন্তানৰ নাম।

ছানা খান আৰু আনাছে প্ৰথম সন্তানৰ নাম ছৈয়দ তাৰিক জমীল ৰাখিছে। এক বাৰ্তালাপত ছানাই এই নামটোৰ অৰ্থৰ সন্দৰ্ভত কয় যে এই নামটোৱে এজন ব্যক্তিৰ ওপৰত বহু প্ৰভাৱ পেলায়। জমীল মানে সৌন্দৰ্য্য আৰু তাৰিক মানে সুখদায়ক।

Leave A Reply