Breaking

আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথৰ আজি শুভবিবাহ; কাৰ সৈতে বিয়াত বহিল দীপাংক?

0 164

আজি সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি দীপাংক নাথৰ শুভবিবাহ। উজানবজাৰৰ জীয়ৰী ডঃ ৰূপা হাজৰিকাৰ সৈতে বিবাহ পাশত আৱদ্ধ দীপাংক নাথ। দীপাংক নাথে বিবাহৰ কিছুদিন পূৰ্বে আছু ত্যাগ কৰিছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ ৰূপা হাজৰিকাৰ সৈতে শুভ বান্ধোনত বান্ধ খাব দীপাংক। জানিব পৰা মতে, আজি গুৱাহাটীৰ সোমনাথ মন্দিৰত বিবাহ কাৰ্য সম্পন্ন হ’ব। ইয়াৰোপৰি আজি সন্ধিয়া ৫ বজাৰ পৰা অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে দম্পতিহালে।

উল্লেখ্য যে, বিগত  বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত জৰুৰী কাৰ্যনিৰ্বাহকত আছুৰ সভাপতি পদৰ পৰা দীপাংক নাথে পদত্যাগ কৰিছিল।

Leave A Reply