Breaking

বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু নাই!

0 180

বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান আৰু নাই ৷ বৰপেটাৰ দাবালীয়াপাৰাৰ নিজ বাসগৃহত সোমবাৰে সন্ধিয়া প্ৰায় ৭ বাজি ৪০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে ৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৫৮ বছৰ৷ উল্লেখ্য যে, বিগত কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল খানে৷ কিডনী, ডায়েবেটিছ আৰু যকৃতৰ সমস্যাত ভুগি থকা ৰহিম খানক বিভিন্ন ঠাইত চিকিৎসা প্ৰদান কৰা হৈছিল যদিও আজি জীৱন যুজত হাৰ মানে প্ৰাক্তন বিধায়ক গৰাকী৷

২০১১ চনৰ বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ পৰা বৰপেটাৰ বিধায়ক নিৰ্বাচিত হোৱা আব্দুৰ ৰহিম খানে পিচলৈ কংগ্ৰেছত যোগদান কৰিছিল আৰু বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰিছিল৷

কিন্তু কেইমাহমান পূর্বে তেওঁ পুনৰ এ আই ইউ ডি এফ দললৈ উভতি গৈছিল। আব্দুৰ ৰহিম আহমেদৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে ৷ কাইলৈ জানাজা সম্পন্ন কৰা হব আব্দুৰ ৰহিম খানৰ ৷

Leave A Reply