Breaking

নগৰবেৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন

0 2,234

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আজি স্থানীয় ইন্দিৰা ভৱন প্ৰাংগণত  প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয়। এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন, প্ৰয়াত মূখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি প্ৰদান কৰা হয়। অনুষ্ঠানটিত ছমৰীয়া ব্লক কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি ধনেশ্বৰ বায়ন, সম্পাদক আব্দুল মজিদ মণ্ডল, প্ৰাক্তন জিলা পৰিষদৰ সদস্য পদ্মলোচন দাস, আঞ্চলিক পঞ্চায়তৰ সদস্যা মনিকা সৰকাৰ, পিজুপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি সুৰেন দাস, ভখুৰাদিয়া মণ্ডল কংগ্ৰেছৰ সভাপতি আতোৱাৰ ৰহমান প্ৰমুখ্যে কংগ্ৰেছৰ বিভিন্ন পৰ্য্যায়ৰ নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ সদ্গতি কামনা কৰি তেওক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।