Breaking

মাজুলীৰ চিকিৎসাখণ্ডৰ বুজ ললে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী বিমল বৰাই:ক’ভিড পটকল মানি চলি সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ সকলোকে আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালৰ

0 2,032

দ্বিতীয় বাৰৰ বাবে মাজুলী বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই প্ৰথম বাৰৰ বাবে নিজৰ সমষ্টি মাজুলীত যোৱা ২৬মে’ত উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সোনোৱালে মাজুলীৰ খহনীয়াকে আদি কৰি জিলা প্ৰশাসনৰ লগত মাজুলীৰ উন্নয়ন মূলক কাম সমূহৰ পৰ্যালোচনা কৰি দুটা দিন মাজুলীত থাকি আজি মাজুলীৰ চিকিৎসাখণ্ডৰ অৱস্থাৰ বুজ লয়।গড়মূৰ চিকিৎসালয়ত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে জিলা খনৰ ক’ভিড পৰিস্থিতি সম্পৰ্কত চিকিৎসালয় খনৰ চিকিৎসক সকলৰ লগত মত বিনিময় কৰাৰ লগতে মাজুলীত ক’ভিড ৰোগীৰ সংখ্যা, ক’ভিড টিকাকৰন সম্পৰ্কটো আলোচনা কৰে।সোনোৱালে সাংবাদিকৰ আগত কয় মাজুলীত ক’ভিড পৰীক্ষা যথেষ্ট কৰা হৈছে আৰু ক’ভিড টিকাকৰন যথেষ্ট কৰিবলৈ সক্ষম হৈছে।এই ক্ষেত্ৰখন মাজুলী ৰাইজে জিলা প্ৰশাসনক আৰু স্বাস্থ্য বিভাগক সহযোগ দিছে সকলোৱে মিলি মাজুলীত ক’ভিড পৰিবেশ ভালে ৰাখিছে বুলি উল্লেখ কৰি সোনোৱালে আগন্তক দিনটো সকলো নীতি নিয়ম মানি সজাগ আৰু সচেতন হৈ থাকিবলৈ সকলোকে আহ্বান জনায়।প্ৰাক্তন মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শন কালত মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা শক্তি মন্ত্ৰী বিমল বৰা, জিলা উপায়ুক্ত বিক্ৰম কৈৰী অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, সহকাৰী আয়ুক্ত হিমাদ্রি বৰা, গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামী, মাজুলী জিলা স্বাস্থ্যখণ্ডৰ যুটীয়া সঞ্চালক নীলকান্ত পেগু উপস্থিত থাকে।

Leave A Reply