Breaking

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি হোজাইত সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বত প্ৰাৰ্থনা সভা

0 1,252

হোজাই, ২২ নবেম্বৰ: প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে মৌলানা বদৰুদ্দিন আজমলে আয়োজন কৰিছে দোৱা। হোজাইৰ গোপাল নগৰস্থিত আজমল হাউচত এই প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। দেউবাৰে জোহৰৰ নামাজৰ পিছত হোজাইৰ আজমল হাউচত সাংসদ আজমলৰ উদ্যোগত সমূহীয়া দোৱা মেহফিল অনুষ্ঠিত হয় ৷ দিনৰ ১ বজাৰ পিছত হোজাইৰ আজমল হাউচত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্যৰ বাবে হোৱা দোৱা মেহফিলত উপস্থিত থকা আলিম-উলেমা সকলে কোৰআন পাঠ কৰে ৷ দোৱাৰ পিছত আয়োজিত এক সংবাদ মেলত সাংসদ আজমলে কয়- প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে নিজৰ পোন্ধৰ বছৰীয়া শাসনত অসমৰ অসমবাসীৰ বাবে বহু খিনি কৰিছে, মছজিদ মাদ্ৰাছাৰ বাবে, ৰাইজৰ বাবে বহুতো কাম কৰিছিল বুলি মন্তব্য কৰে ৷ তৰুণ গগৈ অসমবাসীৰ কাৰণে এজন গুৰুত্বপূৰ্ণ নেতা আখ্যা দিয়ে আজমলে৷ লগতে  মহাজোঁটবন্ধনৰ মূল মানুহজন গগৈ বুলিও কলে এ আই ইউ ডি এফৰ সভাপতি জনে৷ উল্লেখ্য যে, এসময়ত হু ইজ বদৰুদ্দিন বুলি কোৱা তৰুণ গগৈৰ বাবে আজি দোৱাত গগৈৰ সুস্বাস্থ্য আৰু আৰোগ্য কামনাৰে চকুপানী টুকিলে আজমলে ৷ সাংবাদিকক উদ্দেশ্যি বদৰুদ্দিন আজমলে পুনৰ কলে – মই কালি ৰাতি তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ নেতা সকলৰ উপস্থিতিত গগৈক দেখা কৰি আহিছো, লগতে অশুআৰোগ্যৰ কাৰনে দোৱা কৰিছো ৷ আজি আমি পুনৰ হোজাই আজমল হাউচত কোৰাণ পাঠ কৰি আলিম সমাজৰ উপস্থিতিত সকলো লগ হৈ দোৱা কৰিছো ৷ লগতে সংবাদ মাধ্যমৰ জৰিয়তে আজমলে তৰুণ গগৈৰ আৰোগ্য বিচাৰি অসমবাসী ৰাইজৰ লগতে জমিয়ত আৰু এআইইউডিএফৰ সকলো শাখাক দোৱা প্ৰাৰ্থনা কৰিবলৈ আজমলে আহ্বান জনায় ৷

Leave A Reply