Breaking

কংগ্ৰেছ দলৰ প্রাক্তন মন্ত্রী ৰাজীৱ লোচন পেগুৰ পদত্যাগ

0 1,041

মাজুলী জিলা কংগ্রেছৰ সভাপতি তথা প্রাক্তন জলসম্পদ মন্ত্রী ৰাজীৱলোচন পেগুৱে মঙলবাৰে হঠাৎ জিলা কংগ্রেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে৷ বিগত নির্বাচনত মাজুলী সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হোৱা বাবেই পেগুৱে জিলা কংগ্রেছৰ সভাপতিৰ দায়িত্বৰ পৰা নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা বুলি তেওঁ উল্লেখ কৰি কয় যে তেওঁ সভাপতিৰ দায়িত্বহে এৰিছে৷ কিন্তু এতিয়াও দলৰ প্রাথমিক সদস্য হৈ আছে৷

অনাগত দিনত তেওঁ দলৰ এজন সদস্য হিচাপে কাম কৰি যাব৷ দলক শক্তিশালী কৰাৰ স্বার্থতে তেওঁ সভাপতি পদ ত্যাগ কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ পিছে পেগুৱে যিয়েই নকওক কিয় ৰাজনৈতিক মহলত অচিৰেই তেওঁ গেৰুৱা বসন পৰিধান কৰিব বুলি ব্যাপক চর্চা অব্যাহত আছে৷ বিশেষকৈ কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভ কৰাটো একপ্রকাৰ নিশ্চিত হৈ থকা মাজুলীৰ বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল মঙলবাৰে দিল্লীলৈ যোৱাৰ দিনটোতেই পেগুৱে জিলা কংগ্রেছৰ সভাপতিৰ দায়িত্ব এৰাক লৈ ব্যাপক চর্চা চলিছে৷

কিয়নো সর্বানন্দ সোণোৱালে কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভ কৰিলেই স্বাভাৱিকতে মাজুলী বিধানসভা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ ৰাজনৈতিক মহলত চলা চর্চা অনুসৰি আসন্ন উপ–নির্বাচনত বিজেপিৰ টিকটত মাজুলীৰ পৰা অৱতীর্ণ হোৱাৰ বাসনাৰেই পেগুৱে কংগ্রেছৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রীৰ দায়িত্ব লৈ মাজুলী ভ্রমণলৈ অহাৰ সময়তেই ৰাজীৱলোচন পেগুৱে মাজুলীৰ আৱর্ত ভৱনত মুখ্যমন্ত্রীক সাক্ষাৎ কৰিছিল৷ তেতিয়াৰে পৰাই পেগুৱে কংগ্রেছ এৰি বিজেপিলৈ যোৱাৰ সম্ভাৱনীয়তাৰ বিষয়ে প্রকাশ পাইছিল৷

এক সূত্রই জানিবলৈ দিয়া মতে, পেগুৱে শীঘ্রেই কংগ্রেছৰ সাধাৰণ সদস্যপদো ত্যাগ কৰি বিজেপিত যোগদান কৰিব আৰু আসন্ন উপ–নির্বাচনত বিজেপিৰ পৰা প্রার্থিত্ব বিচাৰিব৷ অৱশ্যে মাজুলীৰ বিজেপি নেতৃত্বই পেগুৰ সম্ভাব্য বিজেপি গমন সন্দর্ভত তীব্র বিৰোধিতা কৰি ৰাজ্যিক নেতৃত্বলৈ পত্র প্রেৰণ কৰিছে৷ মাজুলীৰ সম্ভাব্য উপ–নির্বাচনক লৈ ইতিমধ্যে বিজেপিৰ ভুবন গাম, বিতোপন দলে, নৃপেন কামান, লোকনাথ কুটুম, মাধৱ দেউৰী, হেমচন্দ্র দলে আদিয়ে বিশেষ তৎপৰতা অব্যাহত ৰাখিছে৷

আনহাতে মাজুলী জিলা গণশক্তিৰ সভাপতি ৰঞ্জিত দলেও প্রার্থিত্বৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে৷ এনে অৱস্থাত মাজুলীত বিজেপিৰ টিকট অন্তিম মুহূর্তত কোনে লাভ কৰে, সেয়া সময়তহে ক’ব পৰা যাব৷

Leave A Reply