Breaking

দিল্লী ফেৰৎ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল টিংখাঙত,অচিৰেই কেন্দ্ৰী‌‌য় কেবিনেটৰ গুৰুত্বপূৰ্ণ দপ্তৰত অন্তৰ্ভুক্তৰ সম্ভাৱনা

0 2,072

পাঁচ দিনীয়া দিল্লী ভ্ৰমণ কাৰ্যসূচী সমাপ্ত কৰি কালি ডিব্ৰুগড়স্থ বাসভৱনত ৰাত্ৰি যাপন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে টিংখাঙত উপস্থিত হৈ প্ৰয়াত ছাত্ৰ নেতা, বিশিষ্ট সমাজ কৰ্মী,শিক্ষক তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ গৰাকীৰ ঘনিষ্ঠ সদ্য প্ৰয়াত টংকেশ্বৰ নেওগৰ  মাহমৰা কেৰেংচুক গাঁৱৰ বাসগৃহলৈ গৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। প্ৰয়াত নেওগৰ বাসগৃহত উপস্থিত হৈয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নেওগৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।ইয়াৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ বৃদ্ধা মাতৃ,পত্নী, পুত্ৰ-কন্যা আৰু আত্মীয়-স্বজনক এক শোকাকূল পৰিবেশত গভীৰ সমবেদনা জ্ঞাপন কৰে।প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক টিংখাং ভ্ৰমণৰ সময়ছোৱাত অসম পেট্ৰকেমিকেল লিমিটেডৰ  অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা,লাহোৱালৰ প্লাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, আসাম হাউছিং ডেভেলেপমেন্ট বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ দীপুৰঞ্জন মাৰ্কাৰী, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণ ৰ অধ্যক্ষ অসীম হাজৰিকা, টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ, নিৰ্জন শইকীয়া আদি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে সংগ দিয়া দেখা যায়। আনহাতে সৰ্বানন্দ সোণোৱালৰ শেহতীয়া পাঁচদিনীয়া দিল্লীৰ ভ্ৰমণে ৰাজ্যখনৰ বাবে যথেষ্ট আশাব্যঞ্জক বতৰা কঢ়িয়াই অনা বুলি সোণোৱালৰ সমৰ্থক সকলে উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ দপ্তৰত অন্তৰ্ভুক্ত হোৱাতো প্ৰায় নিশ্চিত বুলি উল্লেখ কৰে।উল্লেখ যে, দিল্লী ভ্ৰমণৰ সময়ছোৱাত সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমৃত শ্বাহৰ লগত সুকীয়া সুকীয়া কৈ সাক্ষাত কৰি সৌহাদ্যাপূৰ্ণ আলোচনাত মিলিত হৈছিল।এনে পৰিপ্ৰেক্ষিতত পৰিস্থিতি সকলো ঠিকে থাকে থাকিলে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে অচিৰেই  সবানন্দ সোণোৱালে শপত গ্ৰহণ কৰিব বুলিও ঘনিষ্ঠ মহলে দাবী কৰে।ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক মহলত সৰৱ চৰ্চা অব্যাহত থকাৰ লগতে সংবাদ মাধ্যমত যথেষ্ট গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে।

Leave A Reply