Breaking

ৰাখীৰ জীৱনত এন্ট্ৰী প্ৰাক্তন স্বামী ৰিতেশ ৰাজ ! আদিলৰ সন্দৰ্ভত ক’লে- ‘লাভ জেহাদ কৰা সকলৰ বাবে এইটো এটা উচিত শিক্ষা…’

0 86


অভিনেত্ৰী ৰাখী সাৱন্তৰ স্বামী আদিলৰ সৈতে চলি থকা বিবাদৰ পিছত এতিয়া তেওঁৰ প্ৰাক্তন স্বামীৰ বক্তব্যও চৰ্চালৈ আহিছে আৰু তেওঁ ৰাখীক সমৰ্থন কৰাৰ কথা কৈছে। মাতৃৰ মৃত্যুৰ কিছুদিন পিছতে ৰাখী সাৱন্তই স্বামী আদিল খান দুৰানীৰ সৈতে বিবাহৰ সৈতে জড়িত সমস্যা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত বহু নাটকৰ সৃষ্টি কৰিছে। অভিনেত্ৰীগৰাকীয়ে স্বামীৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰাৰ লগতে আৰক্ষীয়েও ব্যৱস্থা গ্ৰহণ কৰি ঘৰুৱা হিংসাৰ গোচৰত আদিলক গ্ৰেপ্তাৰ কৰে। এতিয়া এই বিষয়ত ৰাখীৰ প্ৰাক্তন স্বামী অৰ্থাৎ ৰিতেশ ৰাজেও মুকলিকৈ আগবাঢ়ি আহিছে আৰু তেওঁ ৰাখীক সমৰ্থন কৰাৰ কথা কৈছে।

ৰাখীৰ প্ৰাক্তন স্বামী ৰিতেশে ভিডিঅ’ৰ জৰিয়তে কয় যে ৰাখীয়ে তিনিমাহ পূৰ্বে তেওঁক ফোন কৰি নিজৰ আৰু আদিলৰ কথা কৈছিল। তেওঁ কয় যে ৰাখীয়ে মোক একো নোকোৱাকৈয়ে এৰি থৈ গৈছিল যদিও তেওঁ প্ৰেমৰ অৰ্থ জানে আৰু ৰাখীক সদায় সমৰ্থন কৰিব। ভিডিঅ’টোত তেওঁ কৈছে যে ‘ৰাখীৰ চকুত সত্য দেখা যায় কিন্তু আদালতে সিদ্ধান্ত ল’ব লাগিব’। তিনিমাহ আগতে ৰাখীয়ে ফোন কৰি এই বিষয়ে সকলো কথা কৈছিল মোক। ৰাখীয়ে মিছা কথা কোৱা নাই। মই তোমাৰ লগত আছোঁ, তুমি কষ্টত থাকিলে মই অশান্তি পাওঁ, তুমি কষ্টত নাথাকিবা এইদৰে কয়।

ৰিতেশ ৰাজে কয় যে ‘মোৰ এম বি এ, এমটেক, এল এল বি ডিগ্ৰী আছে আৰু মই পেছাগতভাৱে ভাল। মই এজন স্ব-নিৰ্মিত ব্যক্তি। মোৰ একো অভাৱ নাছিল। মোক প্ৰতাৰণা কৰা হৈছে আৰু মানুহে মোক ভুল বুলি ভাবিছিল। মই তোমাৰ লগত ৰাখী। তোমাৰ ভাইটিও তোমাৰ লগত আছিল। লাভ জেহাদত আবদ্ধ হৈ থকা সেই ছোৱালীবোৰৰ বাবে এয়া এক শিক্ষা। মই সদায় তোমাৰ কাষত থিয় দিম।’ ভিডিঅ’ত এইদৰে মন্তব্য কৰে ৰাখীৰ প্ৰাক্তন স্বামীয়ে।

Leave A Reply