Breaking

ওদালগুৰিত প্ৰাক্তন এনডিএফবি কেডাৰৰ সংবাদমেল :চুক্তি অনুসৰি সংস্থাপন নোহোৱাৰ বাবেই পুনৰ জংঘললৈ গৈছে একাংশ কেডাৰ!

0 1,025

তৃতীয় বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ প্ৰায় ডেৰ বছৰ উকলি যোৱাৰ সময়তো চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ সংস্থাপনকে ধৰি আন আন প্ৰতিশ্ৰুতি পালন নকৰাত বৰ্তমান ভাগি পৰিছে সেইসকল কেডাৰ। ৭জুনত  ওদালগুৰিত এক সংবাদমেল সম্বোধন কৰে প্ৰাক্তন এনডিএফবি কেডাৰে। সংবাদমেল সম্বোধন কৰি প্ৰাক্তন এনডিএফবি সহকাৰী সাধাৰণ সম্পাদক বি.বৌহুৰবৈথাই কয় যে “বিটিআৰ চুক্তিত উল্লেখ কৰা অনুসৰি প্ৰাক্তন এনডিএফবিসকলৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে ভূমিকা গ্ৰহণ কৰা নাই। কেন্দ্ৰ-ৰাজ্য-বিটিআৰ প্ৰতিখন চৰকাৰেই চুক্তি স্বাক্ষৰ হোৱাৰ পাছৰে পৰাই প্ৰাক্তন এনডিএফবিৰ সমস্যাসমূহক লৈ মাহীআইৰ দৃষ্টি দি আহিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুনকৈ গঠন হোৱা ৰাজ্য চৰকাৰখনক অভিনন্দন গ্ৰহণ কৰিছো। ড৹ শৰ্মাৰ দৰে দক্ষ লোক এগৰাকীক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে লাভ কৰি আমি নথৈ আনন্দিত হৈছো। যিহেতু ড৹ শৰ্মাৰ সাক্ষাতত তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত হৈছে, সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ নেতৃত্বতে বিটিআৰ চুক্তিখনৰ দফাসমূহ ক্ষীপ্ৰতাৰে ৰূপায়িত হোৱাৰ লগতে প্ৰাক্তন এনডিএফবিসকলৰ সমস্যাও শীঘ্ৰে সমাধান হব বুলি আশা প্ৰকাশ কৰিছো। ২০২০ বৰ্ষৰ জানুৱাৰী মাহত এই চুক্তি স্বাক্ষৰ হৈছিল যদি উক্তদিনৰ পৰা  ৭জুন  পৰ্যন্ত আমি প্ৰাক্তন কেডাৰসকলে পুনঃসংস্থাপন লাভ কৰা নাই। আনকি চুক্তি স্বাক্ষৰৰ পাছত আমাৰ নিয়মীয়া মাহিলী ভাট্টাসমূহো অনিয়মীয়া হৈ পৰিছে। আনহাতে সকলো কেডাৰে এই মাহিলী ভাট্টাৰ সুবিধা সমূহো লাভ কৰিব পৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আমি আৰ্থিকভাৱে ভাগি পৰিছো। পৰিয়াল পোহপাল দিয়াত একপ্ৰকাৰ ব্যৰ্থ হৈ পৰিছো। আনহাতে চৰকাৰে চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰাক্তন কেডাৰসকলৰ বাবে দুবছৰীয়া চাৰি লাখ টকাৰ ফিক্স ডিপোজিটৰ এটা সুবিধা কৰি দিছিল যদিও ফিক্স ডিপোজিট হোৱা বাবে সেই ধনৰাশি উলিয়াবলৈও সক্ষম হোৱা নাই কেডাৰসকল।” ইফালে ৰাজ্য চৰকাৰখনে ঘোষণা কৰা এক লাখ চৰকাৰী চাকৰি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন এনডিএফবি নেতৃত্বই কয় যে “যিহেতু বিটিআৰ চুক্তি অনুসৰি যোগ্যতাৰ ভিত্তিত প্ৰাক্তন এনডিএফবি সদস্যসকলক কৰ্ম সংস্থাপনৰ কথা উল্লেখ আছে, সেয়েহে চৰকাৰখনে উক্ত এক লাখ চাকৰিৰ ভিতৰত কিছু শতাংশ চাকৰি প্ৰাক্তন এনডিএফবিসকলৰ বাবে সংৰক্ষণ কৰক। প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ মাজত বহুতো যোগ্যতাসম্পন্ন যুৱক আছে। তেওঁলোকক চৰকাৰখনে শিক্ষাগত অৰ্হতা তথা যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি প্ৰদানৰ ব্যৱস্থা কৰক।” সংবাদমেলত বিটিআৰ চুক্তি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন এনডিএফবিৰ নেতৃত্বই কয় “কেন্দ্ৰ-ৰাজ্য আৰু বিটিআৰ চৰকাৰৰ হস্তক্ষেপত আমাৰ প্ৰাক্তন এনডিএফবিসকলে অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ স্বাৰ্থত মূল সূতিলৈ উভতি আহিছিলো। চুক্তি অনুসৰি প্ৰতিশ্ৰুতি পালন কৰিলেহে অঞ্চলটোলৈ শান্তি ঘুৰি আহিব। যিহেতু বৰ্তমান উভয় চৰকাৰে বিটিআৰ চুক্তিৰ দফাসমূহ পৰ্যায়ক্ৰমে ৰূপায়ন কৰি আছে, সেয়েহে চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবি সদস্যসকলৰ সমস্যা সমাধানৰ দফাসমূহো শীঘ্ৰে ৰূপায়ন কৰক চৰকাৰে। শান্তি চুক্তিখন সঠিকভাৱে ৰূপায়ন হ’লেহে অঞ্চলটোলৈ প্ৰকৃতস্বাৰ্থত শান্তি ঘুৰি আহিব। শান্তি চুক্তি হবলৈ হ’লে চুক্তি স্বাক্ষৰকাৰীসকল শান্তিৰে বসৱাস কৰিব লাগে যদিও আজি আমি শান্তিত থাকিব পৰা নাই। আমি বৰ্তমান পৰ্যায়ত আমাৰ মৌলিক প্ৰয়োজন সমূহো পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে চৰকাৰখনে প্ৰতিগৰাকী প্ৰাক্তন এনডিএফবিৰ বাবে ঘোষণা কৰা এককালীন আৰ্থিক সাহাৰ্য্যসমূহো শীঘ্ৰে মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে।” এনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈয়ে একাংশ প্ৰাক্তন এনডিএফবি সদস্য পুনৰ জংঘললৈ ঘুৰি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৭জুনৰ সংবাদমেলৰ নেতৃত্বই। আনহাতে চুক্তিৰ দফা অনুযায়ী প্ৰাক্তন এনডিএফবি কেডাৰসমূহৰ ওপৰত থকা গোচৰসমূহো শীঘ্ৰে প্ৰত্যাহাৰৰ বাবে দাবী তোলে। যিহেতু বিটিআৰ চুক্তিৰ প্ৰথম স্বাক্ষৰকাৰী হিচাপে তেতিয়াৰ এবছু সভাপতি আৰু বৰ্তমানৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আছিল, সেয়েহে চুক্তি স্বাক্ষৰকাৰী হিচাপে বড়োৱে প্ৰাক্তন এনডিএফবিসকলৰ কথা ভাবিব লাগে বুলি ৭জুনৰ সংবাদমেলত উল্লেখ কৰে প্ৰাক্তন এনডিএফবি নেতৃত্বই। সংবাদমেলখনত বি.খাৰ্খলাইৰ লগতে আন কেইৱাগৰাকীও প্ৰাক্তন এনডিএফবি সদস্য উপস্থিত থাকে।

Leave A Reply