Breaking

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ইউ এছ টি এমত উদ্বোধন কৰে এ আই ইউ ৰাষ্ট্ৰীয় উপাচাৰ্য সন্মিলন-২০২৩

0 66

বৃহস্পতিবাৰে ইউনিভাৰচিটি অব চাইন্স এণ্ড টেকনোলোজি, মেঘালয় (ইউ এছ টি এম)ৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক উপাচাৰ্যসকলৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনখন ৫০০ ৰো অধিক উপাচাৰ্য, আই আই টিৰ সঞ্চালক, আই আই এছ চি, দেশ-বিদেশৰ এন আই টিৰ উপস্থিতিত উদ্বোধন কৰে মাননীয় প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে৷

দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ এই গৌৰৱোজ্জ্বল মেগা-একাডেমিক অনুষ্ঠানটো এছ’চিয়েশ্যন অব ইণ্ডিয়ান ইউনিভাৰ্ছিটিজ (এ আই ইউ) আৰু ইউ এছ টি এমৰ সহযোগত আজিৰ পৰা ২৫ মাৰ্চলৈ আয়োজন কৰা হৈছে।

উদ্বোধনী সভাত আদৰণি ভাষণ আগবঢ়ায় ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে। এ আই ইউ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি হকে কয়, “আমাৰ এটা বিশ্বমানৰ মিছন আছে। আমি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে সহযোগিতামূলকভাৱে কাম কৰিম। আমি বিশ্বাস কৰো যে ভাল মানৱ সম্পদ সৃষ্টি কৰিলেহে দেশ সবল হ’ব।”

ইয়াৰ পিছতে আদৰণি ভাষণ আগবঢ়ায় এ আই ইউৰ সচিব প্ৰধান ডo পংকজ মিট্টালে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ আগবঢ়ায় অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডo ৰণোজ পেগুৱে। এ আই ইউৰ প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা প্ৰদান কৰে পদ্মশ্ৰী ডo বিবেক দেবৰায়ে। সভাপতিৰ ভাষণ প্ৰদান কৰে এ আই ইউৰ সভাপতি তথা কলকাতাৰ যাদবপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সুৰঞ্জন দাসে। উদ্বোধনী সভাত ধন্যবাদ জ্ঞাপন কৰে এ আই ইউৰ উপাধ্যক্ষ তথা ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই।


সভাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলৰ সৈতে শীৰ্ষ সংস্থাসমূহৰ মুৰব্বীসকলৰ মাজত এক আলোচনাচক্ৰ অনুষ্ঠিত হয়, নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে ডাঃ অভয় জেৰে, উপ-সভাপতি, এ আই চি টি ই; ডাঃ আৰ চি আগৰৱালা, ডিডিজি, আই. চি. এ. আৰ, ডo পোনমুদিৰাজ, উপদেষ্টা, এন এ এ চি, অধ্যাপক ভোলা থাপা, উপাচাৰ্য, কাঠমাণ্ডু বিশ্ববিদ্যালয়, নেপাল; শ্ৰীযুত আদিত্য মলকানি আঞ্চলিক পৰিচালক, এ চি ইউ।


বৃহস্পতি বাৰে আৰম্ভ হোৱা এই সন্মিলন ২৫ মাৰ্চলৈকে চলিব। এই সন্মিলনৰ অধিবেশনৰ বিষয়সমূহ হ’ল-: আন্তঃৰাষ্ট্ৰীয়কৰণ: জড়িত থকাৰ পদ্ধতিসমূহ; নূন্যতম চৰকাৰ: সৰ্বাধিক শাসন: বিশ্ববিদ্যালয়সমূহৰ বাবে ইয়াৰ অৰ্থ কি; ভাৰতীয় ভাষাৰ প্ৰচাৰ; সামগ্ৰিক শিক্ষাৰ বাবে সংস্কাৰ; গৱেষণা আৰু উত্কৰ্ষ আৰু শিক্ষাৰ ভৱিষ্যতৰ বাবে এক পৰিৱেশ সৃষ্টি কৰা, জ্ঞান, আৰু কৰ্মস্থলী।


এই বৃহৎ সন্মিলনত জেএনইউ, ইগ্নো, ছিমবায়’ছিছ ইণ্টাৰনেশ্যনেল, মেছাচুচেটছ বিশ্ববিদ্যালয়, ভাৰতীয় বিদ্যাপীঠ, হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ৫০০ ৰো অধিক উপাচাৰ্য আৰু আই আই টি, আই এছ চি, এ আই চি টি, এন এ এ চি, আই চি এ আৰ, এ চি ইউ, আই আই আই আই টি আদিৰ সঞ্চালকসকলে অংশগ্ৰহণ কৰিছে। এই সন্মিলনত প্ৰায় ৩০০ খন উচ্চ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ লগতে কেইবাজনো বৈদেশিক নীতি নিৰ্ধাৰকে অনলাইনযোগে অংশগ্ৰহণ কৰিছে।

Leave A Reply