Breaking

তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰীৰ বিজেপি দল ত্যাগ-অচিৰেই যোগ দিব বিপিএফ দলত

0 73

তামুলপুৰ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰে। তামুলপুৰ প্ৰেছ ক্লাবত দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক , ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক ইমানুৱেল মছাহাৰীয়ে এই কথা সদৰী কৰে ।

উল্লেখযোগ্য যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইমানুৱেল মছাহাৰীয়ে বিপিএফ দল ত্যাগ কৰি ২০২০ চনৰ ২২ নৱেম্বৰত গেৰুৱা বসন পিন্ধিছিল । সংবাদ মেলত তেওঁৰ পদত্যাগৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে তেওঁ পঞ্চাছ হাজাৰ লোক লগত লৈ বিশাল সমাবেশৰ আয়োজন কৰি বিজেপি দলত যোগদান কৰিছিল ৷ বিজেপিয়ে মূলতঃ তেওঁক বিশ্বাসত নোলোৱাৰ অভিযোগ কৰি বিজেপি ত্যাগ কৰা বুলি তেওঁ সদৰী কৰে ।


অৱশ্যে বিজেপি দল আৰু চৰকাৰখনে বিকাশৰ ক্ষেত্ৰত কাম কৰি যোৱা বুলি তেওঁ মন্তব্য কৰে ৷ ইয়াৰ বিপৰীতে বিটিচি অঞ্চলত ইউপিপিএল দলে মুখ্য ভূমিকা পালন কৰাত ব্যৰ্থ হোৱা বুলিও মছাহাৰীয়ে মন্তব্য কৰে ।
তেওঁ কয় আগৰ কাউন্সিল আৰু বৰ্তমানৰ কাউন্সিলৰ মাজত পাৰ্থক্য আছে । আগৰ কাউঞ্চিলৰ ক্ষমতা বৰ্তমান নাই৷

বিটিআৰত ৰাজহ সংগ্ৰহৰ লগতে নিযুক্তিৰ ক্ষেত্ৰত বিটিচি কাউন্সিলৰ ক্ষমতা লোপ পাইছে । উল্লেখযোগ্য যে
প্ৰাক্তন বিধায়ক গৰাকী বিপিএফ দলৰ সাধাৰণ সম্পাদক পদত অধিষ্ঠিত হোৱাৰ উপৰি বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ইয়াৰ উপৰি তেওঁ দুটা কাৰ্যকালৰ বাবে বিপিএফ দলৰ পৰা তামুলপুৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । ইতিমধ্যে ইমানুৱেল মছাহাৰীয়ে তেওঁৰ পদত্যাগ পত্ৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতালৈ প্ৰেৰণ কৰিছে । সংবাদ মেলখনত ইমানুৱেল মছাহাৰীৰ লগতে তেওঁৰ কেইবাজনো সমৰ্থকে অংশগ্ৰহণ কৰে ।

Leave A Reply