Breaking

এনৰেগা প্ৰৱৰ্তনত মুখ্য ভূমিকা গ্ৰহণকাৰী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ মৃত্যু

0 1,292

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাষ্ট্ৰীয় জনতা দল অৰ্থাৎ আৰজেডিৰ পৰা কিছু দিনৰ আগতে পদত্যাগ কৰা আৰু বিহাৰৰ ভোটাৰৰ মুখত লালুপ্ৰসাদ যাদৱৰ দীৰ্ঘদিনা ৰাজনৈতিক সংগী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেওবাৰে পুৱা দিল্লীৰ এইমছত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স ৭৪ বছৰ আছিল ৷ উল্লেখ্য যে কিছুদিনৰ আগতে ক’ৰোনাত আক্ৰান্ত হৈছিল ৰঘুবংশ প্ৰসাদ সিং ৷ তাৰ পৰা আৰোগ্য হ’লেও কেতবোৰ শাৰীৰিক সমস্যাত তেওঁ ভোগি আছিল ৷ সেয়ে তেওঁক এইমছত ভৰ্ত্তি কৰা হৈছিল ৷ চিকিৎসালয়ত থাকোতেই লালুপ্ৰসাদ যাদৱলৈ চিঠি লিখি দল এৰাৰ কথা ৰঘুবংশ প্ৰসাদ সিঙে জনাইছিল ৷ চিঠিত লিখিছিল, ‘জননায়ক কৰ্পূৰি ঠাকুৰৰ মৃত্যুৰ পাচৰ পৰা দীৰ্ঘ ৩২ বছৰ ধৰি আপোনাৰ সৈতে আছো ৷ কিন্তু আৰু নহ’ব ৷’ ইয়াৰ লগতে জনায়, ‘বিহাৰৰ সাধাৰণ মানুহৰ উপৰি দলৰ নেতা-কর্মীৰ ওচৰত থাকি বহু ভাল পাইছো ৷ মোক ক্ষমা কৰিব৷’ আনহাতে কাৰাগাৰত থাকি ৰঘুবংশ প্ৰসাদ সিঙৰ এই চিঠিৰ উত্তৰ দিয়ে লালুপ্ৰসাদ যাদৱে ৷ চিঠিত দীৰ্ঘদিনৰ সংগীৰ ‘পৰিয়ালৰ সদস্য’ বুলি উল্লেখ কৰে লালুপ্ৰসাদ যাদৱে ৷ আনকি তেওঁ বিষয়টো মিলামিছাৰ প্ৰস্তাৱ দিয়ে ৷ কেইটামান দিনৰ পাচতে বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তাৰ আগতে ৰঘুবংশ প্ৰসাদ সিঙৰ পদত্যাগ আৰজেডি শিবিৰত বৃহৎ আঘাত হিচাপে প্ৰতিপন্ন হৈছিল ৷ ১৯৯৭ চনত জনতা দল ভাঙি আৰজেডি গঢ়াৰ সময়ৰে পৰা লালুপ্ৰসাদ যাদৱৰ সংগী আছিল ৰঘুবংশ প্ৰসাদ সিং ৷ মনমোহন সিঙৰ প্ৰথমখন চৰকাৰত তেওঁ গ্রামোন্নয়ন মন্ত্রী আছিল ৷ তাৰ আগতে দেৱেগৌড়া চৰকাৰৰ দিনত তেওঁ পশুপালন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী আছিল ৷ উল্লেখ্য যে ১০০ দিনৰ কামৰ প্ৰকল্পটো তেওঁৰেই মস্তিস্কপ্ৰসূত ৷ দেশত এনৰেগা প্ৰৱৰ্তন কৰাত তেওঁৰ ভূমিকা সকলোতকৈ বেছি ৷ আৰজেডিৰ ৰাষ্ট্ৰীয় উপ সভাপতি, চাৰি দশক ধৰি বিহাৰ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিৰ বহু ঘাট-প্রতিঘাতৰ সাক্ষী আছিল ৰঘুবংশ প্ৰসাদ সিং ৷ তেওঁৰ মৃত্যুত এটা যুগৰ পৰিসমাপ্তি ঘটিল বুলি ৰাজনৈতিক মহলে মত প্ৰকাশ কৰে৷

Leave A Reply