Breaking

প্ৰাক্তন ভলীবল খেলুৱৈ অৱনী শৰ্মাৰ বিয়োগত নলবাৰীত শোক

0 2,034

নলবাৰী জিলাৰ সন্ধেলী গাওঁ নিবাসী জিলা পৰ্য্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ তথা বিশিষ্ট ব্যাৱসায়ী অৱনী শৰ্মাই যোৱা ২০ মেত নলবাৰীৰ এখন ব্যাক্তিগত চিকিৎসালয়ত হৃদ ৰোগত আক্ৰান্ত হে মাত্ৰ ৫৯ বছৰ বয়সত মৃত্যুবৰন কৰে। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-বোৱাৰী, এজনী ছোৱালীৰ লগতে অসেংখ্য গুণমুগ্ধক এৰি থৈ যায়। কেইবাবাৰো নলবাৰী জিলাৰ ভলীবল দলক প্ৰতিনিধিত্ব কৰা শৰ্মাই নলবাৰী চহৰৰ মাজ মজিয়াত আৰ্য মেডিকোছ নামেৰে এখন ফাৰ্মাচীৰ স্বতাধিকাৰী আছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নলবাৰীৰ ঔষধ ব্যাৱসায়ী সন্থাই বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ দোকান-পোহাৰ বন্ধ ৰাখে। সন্থাৰ প্ৰশাসনিক সচিব প্ৰকাশ শৰ্মাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। লগতে নলবাৰীৰ প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ সম্পাদক বীৰেন কুমাৰ শৰ্মা, নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, সম্পাদক মনোজ কুমাৰ চৌধুৰী, কোষাধক্ষ্য কৰুণা বৰ্মন, ৰেফাৰী বোৰ্ডৰ সভাপতি হেমেন্দ্ৰ মহন্ত, প্ৰাক্তন সভাপতি আব্দুল গফ্ফাৰ উজ জামান, হৰিশ গোস্বামী, প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ দিলীপ শৰ্মা, বিকাশ ভট্ট, ৰাষ্ট্ৰীয় খেল পৰিচালক দেৱজিৎ ডেকা, ভলীবল সম্পাদক দীপক কুমাৰ দাস,ক্ৰীড়া সংগঠক চন্দন হালৈ, পূব নলবাৰী ক’চিং চেণ্টাৰ, নলবাৰী ভলীবল ক’চিং চেণ্টাৰ, পকোৱা সূনীতি সংঘ আদি বিভিন্ন ব্যাক্তি আৰু অনুষ্ঠান প্ৰতিস্থানে গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তাপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Leave A Reply