Breaking

ৰজাগড়ত দৰং – ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ প্ৰতিষ্ঠা দিৱস পালন

0 98

ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শুকুৰবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৪ নং ৰজাগড় শিৱ মন্দিৰত উদ্‌যাপন কৰা হ’য় ৷ ১৯৭৯ চনতে জন্ম লাভ কৰা নাগাৰা নাম সংঘই দৰঙৰ আপুৰুগীয়া লোক সংস্কৃতি নাগাৰা নামক অসমৰ চুকে কোনে জনপ্ৰিয় কৰি তোলাৰ লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ অনুষ্ঠানৰ কাৰ্যসূচী মতে আজি ৰাতিপুৱা পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে দৰং – ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ সভাপতি বিষ্ণু প্ৰিয়ম ৰাভাই ৷

ইয়াৰ পাছতে দৰং ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা নাগাৰা নামৰ শিল্পী সকলে নাম পদৰ্শণ কৰে ৷ উক্ত কাৰ্য্যসূচী উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বিকন ডেকাই ৷ দুপৰীয়াৰ ভাগত অনুষ্ঠিত হ’য় সম্বৰ্ধনা আৰু মুকলি সভা ৷ বিষ্ণু প্ৰিয়ম ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়াই ৷ নিজৰ উদ্বোধনী ভাষণত শইকীয়াই দৰঙৰ আপুৰুগীয়া সম্পদ নাগাৰা নামক কেতিয়াও বিকৃত কৰিবলৈ দিয়া নহব বুলি সকীয়াই দিয়ে ৷ নাগাৰা নামক পেৰদী , আধুনিক গীতলৈ টানি আনি বহুৱালী নকৰিবলৈও সাৱধান কৰি দিয়ে নাগাৰা নামৰ শিল্পী সকলক ৷

সভাত সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি তথা জনপ্ৰিয় নাগাৰা নামৰ পাঠক বলো বৈশ্যই নিৰ্দ্দিষ্ট বক্তাৰ ভাষণত নাগাৰা নামক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নাগাৰা নাম সংঘ বদ্ধপৰিকৰ বুলি কয় ৷

তদুপৰি সভাত অৱসৰী অধ্যক্ষ নীলধৰ ডেকা , কোচ ৰাজবংশী সন্মিলনীৰ নেতা ধৰ্ম দাস প্ৰমূখ্যে বহু সংখ্যক লোক উপস্থিত থাকে ৷ সভাতে জ্যেষ্ঠ শিল্পী বিপিন ৰাভা , দেবেন ডেকা আৰু দ্বিজেন ডেকাক নাগাৰা নাম সংঘই ফুলাম গামোচা আৰু মানপত্ৰৰে উষ্ম সম্বৰ্ধনা জনায় ৷ সভাৰ আঁত ধৰে দৰং – ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ সম্পাদক লক্ষ্যধৰ দাসে ৷

টংলাৰ পৰা অৰূপ বড়ো

Leave A Reply