দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ জাঁজীৰ পদ্মনাভি শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস

জাঁজী হাঁহচৰাত ২০১৩ চনত প্ৰতিষ্ঠা লাভ কৰা পদ্মনাভি শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক চাৰিং বাৰুৱতী নামঘৰত। আজি পুৱাৰ বিভিন্ন অনুষ্ঠানৰ পিছত সমাজৰ উপদেষ্টা মদন মোহন পাগবন্ধাই আঁত ধৰা প্ৰতিযোগিতা উদ্ধোধনী অনুষ্ঠানত সমাজকৰ্মী তুষাৰ পালে প্ৰতিযোগিতা উদ্ধোধন কৰে।

উল্লেখযোগ্য যে আজি সত্ৰীয়া আৰু দশৱতাৰ নৃত্য প্ৰতিযোগিতাৰ পিছত অহা শনিবাৰে দিনত নাম প্ৰসংগৰ পিছত সন্ধ্যা সম্বৰ্ধনা অনুষ্ঠান আৰু এখনি মহাপুৰুষীয়া নাট মন্থস্ত হব।

Related Articles