Breaking

মুকালমুৱাত হজ ভৱনৰ আধাৰশিলা স্থাপন : একেখন সভাত ৮০ টা পৰিয়ালক ভূমি পত্তা বিতৰণ

0 2,046

বৰক্ষেত্ৰীৰ হজযাত্ৰী সকলৰ বাবে এটা সুখবৰ।আজি মুকালমুৱাৰ নিকটৱৰ্তী নাৰায়ণপুৰ গাৱত হজযাত্ৰীৰ বাবে সকলো সা-সুবিধা থকা এটা অত্যাধুনিক হজ ভৱনৰ আধাৰশিলা স্হাপন কৰা হয়।বৰক্ষেত্ৰী অঞ্চলৰ প্ৰায় তিনি শতাধিক হাজী আৰু সহস্ৰাধিক লোকৰ উপস্থিতিত হজ ভৱনৰ আধাৰশিলা স্হাপন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই। বিশিষ্ট শিক্ষাবিদ, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ মোবাৰক হুছেইনৰ সভাপতিত্বত এই উদ্দেশ্যে আয়োজন কৰা সভাত বিধায়ক ডেকাই ভাষণত কয় যে ৰাজ্যৰ ৰাজহ বিভাগে আবন্টন দিয়া আঢ়ৈ কঠা মাটিত হজ ভৱন নিৰ্মাণৰ বাবে ইতিমধ্যে ২০ লাখ টকাৰ অনুমোদন দিয়া হৈছে।সভাত বিধায়ক ডেকাই ধৰ্ম অথবা জাতপাতৰ বাবে নহয় কেৱল মাত্ৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতহে ৰাজনীতি কৰিছে বুলি উল্লেখ কৰে।অহা দুবছৰৰ পিছত পাছত বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বাহিৰে কোনো এটা কেঁচা ৰাস্তাই নাথাকিব।সকলো পথেই পকীকৰণ কৰা হব।একেখন সভাতেই বিধায়ক ডেকাই  বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ দহ গৰাকী গাওবুঢ়াক নলবাৰী জিলা প্ৰশাসনে বিগত গণৰাজ্য দিৱস উপলক্ষে আগবঢ়োৱা বিশেষ মানপত্ৰ প্ৰদান কৰাৰ লগতে নাৰায়ণপুৰ আৰু লাউঠাৰী গাঁৱৰ ৮০ টা দৰিদ্ৰ,ভূমিহীন পৰিয়ালৰ মাজত মাটিৰ পট্টা বিতৰণ কৰে।মাটিৰ পট্টা বিতৰণ কাৰ্যসূচীত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ট্ৰিবেণী গগৈয়ো উপস্থিত থাকে।

Leave A Reply