Breaking

গোগামুখত মন্ত্ৰী ড° শৰ্মাৰ দ্বাৰা কুমটীয়া দলঙৰ আধাৰশিলা স্থাপন : ধেমাজিত নিৰ্মাণ হ’ব চিকিৎসা মহাবিদ্যালয়

0 2,057

আমাৰ বিজেপি দলৰ চৰকাৰ জনসাধাৰণৰ উন্নয়নৰ বাবে দায়বদ্ধতাৰে কাম কৰি আহিছে ৷ আমাৰ চৰকাৰৰ নেতৃত্বত অসমৰ উন্নয়নৰ গতি তৰান্বিত হৈছে অসমৰ অন্য জিলাৰ দৰে ধেমাজি জিলাও দ্ৰুতগতিত উন্নতিৰ জখলালৈ গতি কৰিছে ৷ আজি ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ বৰদলনিত ১৫ নং ৰাষ্টীয় ঘাইপথৰ কুমটীয়া নদীৰ  ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন কৰি অসম চৰকাৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য আগবঢ়ায় ৷ আধাৰশিলা স্থাপনৰ কাষতে নিৰ্মাণ  কৰা সভাগৃহত বিশাল জনসভাক উদ্দেশ্যি তেওঁ কয়- ধেমাজি এতিয়া আগৰ ধেমাজি হৈ থকা নাই ৷ ধেমাজিলৈ পৰিবৰ্তন আহিছে ৷ বাট-পথৰ পৰা আৰম্ভ কৰি শৈক্ষিক, স্বাস্থ্য আদি সকলো দিশতে আমূল প্ৰগতি হৈছে ৷ এই প্ৰগতিৰ অংশ হিচাপে আজি আমি আকৌ কুমটীয়া নদীখনৰ ওপৰত নতুন পকী দলং নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিলো ৷ এই দলংখনৰ নিৰ্মাণে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা জনসাধাৰণৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব ৷ দলংখন নিৰ্মাণত মুঠ ৪৩ কোটি ৫৪ লাখ টকা ব্যয় কৰা হ’ব বুলি তেওঁ দোহাৰে আৰু আগন্তুক দুবছৰৰ ভিতৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি ৰাইজক অৱগত কৰে ৷ ভাষণ প্ৰসংগত তেওঁ কয়- ধেমাজিত দুদিন ধৰি তেওঁ বিভিন্ন উন্নয়ন মূূলক আঁচনিৰ আধাৰশিলাস্থাপন কৰিছে ৷ ধেমাজিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কামো হাতত লৈছে আৰু মহাবিদ্যালয়খনৰ কাৰণে ভূমি অধিগ্ৰহণৰ কাম চলি আছে ৷ সকলো ঠিকেই থাকিলে অতি শীঘ্ৰেই মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি তেওঁ উপস্থিত হাজাৰ হাজাৰ ৰাইজক অৱগত কৰে ৷ সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডাঃ ৰণোজ পেগু, এম এ চিৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ সভাত উপস্থিত থাকে ট্ৰাইবেল সংঘৰ সম্পাদক মিলন সোনোৱাল, বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেমা দত্ত, অগপৰ ধেমাজি জিলা সমিতিৰ সভাপতি লক্ষীধৰ শেনচোৱা আৰু ধেমাজি জিলাৰ চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে ৷ উল্লেখনীয় যে আজি পুৱা বিজেপি, অগপ আৰু গণশক্তিৰ হাজাৰ কৰ্মী-সদস্যই মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত ধেমাজিৰ ৰং ছটিওৱা পথাৰৰ পৰা কুমটীয়া নদীলৈ বাইচাইকেল সমদল বাহিৰ কৰে ৷ উক্ত বাইচাইকেল সমদলত বিধায়ক ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰে ৷ 

Leave A Reply