Breaking

টংলাৰ বনগাওঁত চাৰিদিনীয়া অখণ্ড ভাগৱত পাঠ আয়োজন

0 204

বৃহত্তৰ পূব টংলা বাসী ৰাইজে সকলো শ্ৰেণীৰ মানুহৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ অৰ্থে আৰু অপায় অমঙ্গল দূৰ কৰাৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বনগাওঁ ছাতিয়াপাৰাৰ ভাগৱত নাম ঘৰত অহা ১৩ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ চাৰিদিনীয়া অখণ্ড ভাগৱত পাঠ আয়োজন কৰে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা অৰ্থাৎ ১৩ অক্টোবৰৰ দিনা ৰাতিপুৱা ৮ বজাত সমূহীয়া চাফাই,৮:৩০ বজাত বন্তি প্ৰজ্জ্বলন কৰিব বনগাওঁ ছাতিয়াপাৰাৰ নামঘৰীয়া খৰ্গেশ্বৰ ডেকাই, ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতি গৌৰিশংকৰ দাসে।আবেলি ৪ বজাত অনুষ্ঠিত হব আয়তীৰ নাম প্ৰসংগ, ৫ বজাত ভাগৱত পাঠ ক্ষেত্ৰৰ দ্বাৰ মুকলি কৰিব সমাজ সেৱক শৰৎ ৰাভাই, ৫:৩০ বজাত বন্তি প্ৰজ্জ্বলন কৰিব সমাজ সেৱক ৰবীন্দ্ৰ বড়োয়ে,সন্ধিয়া ৬ বজাত ভাগৱত পাঠ আৰম্ভনীৰ উদ্বোধন কৰিব বিটিচিৰ কাৰ্যবাহী সদস্য দাউবৈছা বড়োয়ে। ১৪ অক্টোবৰৰ দিনা ৰাতিপুৱা ৮:৩০ বজাত বন্তি প্ৰজ্জ্বলন কৰিব সমাজসেৱিকা জোনমণি শইকীয়াই, সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্জ্বলন কৰিব সমাজ সেৱিকা ৰঞ্জনা শৰ্মা বৰুৱাই।

আনহাতে ১৫ অক্টোবৰ ৰাতিপুৱা ৮ বজাত পৰিবেশ নিকাকৰণ পৰিচালনা কৰিব স্থানীয় মহিলা সমিতিয়ে, ৯ বজাত বন্তী প্ৰজ্জ্বলন কৰিব বনগাওঁ ভি চি ডি চিৰ সভাপতি শিৱ প্ৰসাদ বড়াই।সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্জ্বলন কৰিব সমাজ সেৱক অৰ্জুন দৈমাৰীয়ে। অন্তিম দিনা অৰ্থাৎ ১৬ অক্টোবৰ ৰাতিপুৱা ৭:৩০ বজাত পৰিবেশ নিকাকৰণ কৰিব পূব টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চই। ৮ বজাত বন্তি প্ৰজ্জ্বলন কৰিব সমাজ সেৱক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘ টংলাৰ সভাপতি বলিৰাম ডেকাই। ৮:৩০ বজাত ভাগৱতসহ শোভাযাত্ৰা উদ্বোধন কৰিব সমাজ সেৱক জৌশ্ৰাং বড়োয়ে।দিনৰ ১২ বজাত গৌৰিশংকৰ দাসে সভাপতিত্বত কৰিব লগা ধৰ্মালোচনী সভা খন উদ্বোধন কৰিব শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ নামঘৰীয়া জগন্নাথ বড়াই। আনহাতে অনুষ্ঠান খনত নিদিষ্ট বক্তা হিচাপে থাকিব বিশিষ্ট অধিবক্তা ৰাম কৃষ্ণ চৌহানে, মুখ্য অতিথি হিচাবে থাকিব স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে,বিশিষ্ট অতিথি হিচাবে অংসগ্ৰহন কৰিব দেৱৰাজ সাপকোটাই। উল্লেখযোগ্য যে ভাগৱত পাঠ অনুষ্ঠানত ভাগৱত পাঠ কৰিব ক্ৰমে কদম কুমাৰ, মহেশ্বৰ ডেকা, জগন্নাথ বড়া, ডিম্বেশ্বৰ চহৰীয়া, অভিৰাম ডেকা, তৰুণ কলিতা, খগেন্দ্ৰ শৰণীয়া, টংকেশ্বৰ মহন্ত, হৰেন্দ্ৰ ডেকা আৰু বৃন্দাবন কুমাৰে।আনহাতে উক্ত আটাইকেইটা দিনতে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহেশ্বৰ বড়া আৰু যুটীয়া সাধাৰণ সম্পাদক অপূৰ্ব বড়া আৰু জিতুমণি বড়াই।

টংলা পৰা অৰূপ বড়োৰ প্ৰতিবেদন।

Leave A Reply