Breaking

পেঙেৰীৰ মুগং পথাৰত ৪ জন ড্ৰাগছ আৰু কানি ব্যৱসায়ৰ লগত জড়িত লোকক আটক

0 2,043

সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিষিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে  সমাজখনক অন্ধকাৰ দিশলৈ লৈ গৈছে ৷ তিনিচুকীয়া জিলাখনতো মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন অৱ্যাহত আছে| বিশেষকৈ জিলাখনৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত  বিভিন্ন ঠাইত মুকলিকৈয়ে নিষিদ্ধ ড্ৰাগছৰ বেহা ৰমৰমীয়া বেহা চলে বুলি কলেও বঢ়াই কোৱা নহ’ব |একাংশ অসাধু লোকৰ সহজতে ধন ঘটাৰ মানসিকতা বাবেই উঠি অহা নৱ প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে।বৰ্তমান অৱশ্যে  অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যথেষ্ট সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনেই জব্দ হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ ,কানিকে আদি কৰি ভিন্ন নিচাযুক্ত সামগ্ৰী।আজিও তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত মুগংপথাৰত ড্ৰাগছ আৰু কানিসহ চাৰিজনলোকক স্থানীয় গাওঁৰক্ষীৰ আৰু স্থানীয় লোকে  আটক কৰি পেঙেৰী আৰক্ষীক গতাই দিয়ে । আটক কৰা লোককেইজনৰ হল ক্ৰমে-লম্বিত মাচে ওৰফে হুচেইন (৫৮)কেটেতং ১নং দিবং নিৱাসী , পদম বাহাদুৰ চেত্ৰী ওৰফে পদে(৫৬)ডিগবৈ , ঢেকীয়াজান নিৱাসী , প্ৰদীপ শ্বাহ ওৰফে বাবা(৩০) কেটেতং, ১ নং ডিবং নিৱাসী আৰু  ৰামু কিষান( ৩২)|ইনথেম ,মাইচাংপানী নিৱাসী| তেওঁলোকে ব্যৱহাৰ কৰা চাৰিখন মটৰচাইকেলো আৰক্ষীক চমজাই দিয়া হয়| ড্ৰাগছ আৰু কানিৰ  লগত জড়িত মূল ব্যক্তি গঙ্গা বাহাদুৰ কাৰ্কী নামৰ লোকজন পলাই হাৰিবলৈ সক্ষম হয়| লোকজনৰ সন্ধানত স্থানীয় ৰাইজে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে| কোনো কাৰণতে অঞ্চলটোত কানি , ড্ৰাগছ আদি মাদ্ৰক দ্ৰব্যৰ বিৰুদ্ধে  এই অভিযান অনাগত দিনতো চলি থাকিব্ বুলি স্থানীয় ৰাইজে স্পষ্ট কৰি দিছে|

Leave A Reply