Breaking

কচুৱাৰ ৰজাআলিত চাৰি ড্ৰাগছ সৰবৰাহকাৰী আটক

0 21

আজি বিয়লি কচুৱা থানাৰ অন্তৰ্গত কামপুৰ-কচুৱা- বৈঠালাংছ’ গড়কাপ্টানি পথৰ ৰজাআলিত নৱবৰ্ষৰ প্ৰথম দিনটোতে চাৰিটা ড্ৰাগছ সৰবৰাহকাৰী যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ধৃত যুৱক কেইটাৰ লগতে পাঁচটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰো জব্দ হয় ৷এএচ 02 জেড 6799 নম্বৰৰ চুইপ্ট গাড়ীৰে ধৃত যুৱক চাৰিজনে ৰজাআলিৰ দুধৰ্ষ ড্ৰাগছ বিক্ৰেতা আতাবুৰ ৰহমানৰ ঘৰৰ পৰা ড্ৰাগছ ক্ৰয় কৰি কাৰ্বি আংলঙলৈ যোৱা পথতেই বহু কৌশলেৰে স্থানীয় গাওঁৰক্ষী বাহিনীয়ে যুৱক চাৰিজনক আটক কৰি কচুৱা আৰক্ষীক ছমজাই দিয়ে ৷

ধৃত ওৱাইছং ইংতি (25), ওৱাইছিং টকবী (25) ,থেম ৰংপী (25) আৰু ইডিছেন খেমছা (27) ৷ সকলোৰে ঘৰ হামৰেন থানাৰ অন্তৰ্গত বুলি জানিব পৰা গৈছে ৷


কচুৱা পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply