Breaking

লাহৰীঘাটৰ দুই স্থানৰ পৰা ৪জন ড্ৰাগছ সৰবৰাহকাৰীক আটক

0 120

আজি মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমিৰ হুছেইনৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত লাহৰীঘাট বৰবৰী গাঁৱত অভিযান চলায় । আৰক্ষীৰ অভিযানত ৩ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ধৃত লোককেইজন ক্ৰমে – আব্দুল ৰহিম(৫৬),আব্দুল আলী(৩০),ছামছুদ্দিন(৩৫)। ধৃত লোক দুজনৰ ঘৰ বৰবৰি আনজনৰ ঘৰ চেনিমাৰী গাঁৱৰ। আৰক্ষীয়ে লোককেইজনৰ পৰা ড্ৰাগছভৰ্তি চাবোনৰ বাকচ ১টা , খালি আৰু এটা চাবোনৰ বাকচ ,খালি কণ্টেইনাৰ , নগদ ১ লাখ ৯৬ হাজাৰ ৭০০ টকাৰ লগতে দুটা মবাইল ফোন জব্দ কৰে । ধৃত লোককেইজনক আৰক্ষীৰ জিম্মাত সোধপোছ অব্যাহত ৰাখিছে । জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৬.২৮ গ্ৰাম।

আব্দুল ৰহিম(৫৬),আব্দুল আলী(৩০),ছামছুদ্দিন(৩৫)


আনহাতে পুনৰ বৰবৰি চাৰিআলীত অভিযান চলাই ড্ৰাগছসহ এজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোকজনৰ নাম আবু বক্কৰ ছিদ্দিক(২২)। ধৃত লোকজনৰ ঘৰ দাতিয়ালবড়ী গাঁৱত ।লোকজনৰ পৰা আৰক্ষীয়ে ১৪.১১ গ্ৰাম ড্ৰাগছ জব্দ কৰে । ইৰিক্সাৰে ধৃত লোকজনে দীৰ্ঘদিনৰে পৰা এই ব্যৱসায় কৰি আহিছিল ।

উল্লেখ্য যে আটকাধীন গোটেইকেইজন লোকে দীৰ্ঘদিন ধৰি লাহৰীঘাট অঞ্চলটোত এই ব্যৱসায় চলাই আহিছিল ।

লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট

Leave A Reply