Breaking

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত পুনৰ নিহত চাৰি সন্ত্ৰাসবাদী…

0 55

সন্ত্ৰাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলাই থকা অভিযানৰ মাজতে মঙলবাৰে পৃথক পৃথক অভিযানত জম্মু-কাশ্মীৰদক্ষিণ কাশ্মীৰত চাৰি সন্ত্ৰাসবাদী নিহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে দক্ষিণ কাশ্মীৰৰ অৱন্তীপোৰা অঞ্চলত নিৰাপত্তাৰক্ষীৰ অভিযানৰ সময়ত তিনি সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে বিজবেহাৰা অঞ্চলত আন এগৰাকী সন্ত্ৰাসবাদী নিহত হয়।

আৰক্ষীয়ে লগতে উল্লেখ কৰা অনুসৰি অৱন্তীপোৰাত নিহত তিনি সন্ত্ৰাসবাদীৰে এগৰাকী অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণকে ধৰি একাধিক কুটাঘাটমূলক কাৰ্যকলাপত জড়িত আছিল।কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) বিজয় কুমাৰে এক বিবৃতিত জানিবলৈ দিয়া মতে নিহত তিনি সন্ত্ৰাসবাদীৰ ভিতৰত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ মুখতাৰ ভাটো আছে।

সূত্ৰঅনুসৰি, ভাটে বিদেশী সন্ত্ৰাসবাদীৰ সৈতে লগ হৈ নিৰাপত্তা বাহিনীৰ শিবিৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। অভিযানৰ সময়ত এটা একে-৭৪ ৰাইফল, এটা একে-৫৬ ৰাইফল আৰু ১ টা পিষ্টল উদ্ধাৰ কৰা হৈছে বুলি বিজয় কুমাৰে লগতে সদৰী কৰে।

নিৰাপত্তা বাহিনীৰ বাবে এই অভিযানক “এক বৃহৎ সফলতা” বুলি অভিহিত কৰি কুমাৰে লগতে কয়, “আমাৰ সূত্ৰ অনুসৰি, নিহত এগৰাকী বিদেশী সন্ত্ৰাসবাদী আৰু এলইটিৰ স্থানীয় সন্ত্ৰাসবাদী মুখতাৰ ভাট চিআৰপিএফৰ এগৰাকী এএছআই আৰু দুগৰাকী আৰপিএফ জোৱানক হত্যাকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী অপৰাধত জড়িত আছিল।”

উল্লেখ্য যে শেহতীয়াকৈ কাশ্মীৰত ইউৰোপৰ পৰা নিয়ন্ত্ৰিত এক সন্ত্ৰাসবাদী চক্ৰ উৎখাত কৰিছিল নিৰাপত্তাৰক্ষীয়ে। এই চক্ৰটোৰ দুগৰাকী সদস্যও নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

Leave A Reply