Breaking

ভাৰতত ধৰা পৰিছে চীনত আতংকৰ ৰূপ লোৱা নতুন ক’ভিদ ভেৰিয়েণ্ট সংক্ৰমিত চাৰি ৰোগী…

0 65

দেশত পুনৰ গা কৰি উঠিছে ক’ভিদ আতংকই। ক’ভিদ মহামাৰীয়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতিৰ অৱসানৰ পাছত স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল যদিও পুনৰ দেশত ধৰা পৰিছে সম্প্ৰতি চীনত আগ্ৰাসী ৰূপ লোৱা নতুন ক’ভিদ ভেৰিয়েণ্ট ‘অমিক্ৰণ বিএফ.৭’ সংক্ৰমিত চাৰি গৰাকী ৰোগী।

গুজৰাট আৰু উৰিষ্যাত ধৰা পৰিছে ক’ভিদৰ এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত ৰোগী কেইগৰাকী। গুজৰাটৰ স্বাস্থ্য বিভাগে ৰাজ্যখনত দুগৰাকী ৰোগীৰ দেহত এই ভেৰিয়েণ্টৰ উপস্থিতি নিশ্চিত কৰিছে। যোৱা অক্টোবৰ-নৱেম্বৰ মাহত বিএফ.৭ আৰু বিএফ.১২ ভেৰিয়েণ্টৰ অমিক্ৰনত ৰোগী কেইগৰাকী আক্ৰান্ত হোৱাৰ ৰিপ’ৰ্ট পোৱা গৈছে বুলি বিভাগে সদৰী কৰিছে।

অৱশ্যে হোম আইচ’লেশ্যনত চিকিৎসাধীন হৈ থকাৰ পিছত দুয়োগৰাকী ৰোগী এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি গুজৰাটৰ স্বাস্থ্য বিভাগে লগতে কয়। ইফালে চীনত ক’ভিদৰ শেহতীয়া পৰিস্থিতিৰ পাছত তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰো। কেন্দ্ৰই দেশৰ সকলো ৰাজ্যক ক’ভিদ সংক্ৰমিত ৰোগীৰ নমুনা “Indian SARS-CoV-2 Genomics Consortium” (INSACOG) লেবলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, INSACOG হৈছে ভাৰতত সংক্ৰমণ হোৱা বিভিন্ন প্ৰকাৰৰ কৰ’ণা ভাইৰাছৰ অধ্যয়ন আৰু নিৰীক্ষণৰ বাবে গঠিত স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ এক সংস্থা।আনহাতে ক’ভিদ সংক্ৰমণৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যে আজিৰ পৰা দেশৰ বিমানবন্দৰসমূহত ক’ভিদ পৰীক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ নমুনা সংগ্ৰহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

কেন্দ্ৰই অৱশ্যে ক’ভিদৰ বাবে আতংকিত হোৱাৰ কাৰণ নাই বুলি উল্লেখ কৰিছে যদিও অত্যধিক জনসমাগম হোৱা অঞ্চলত মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ দিছে।

Leave A Reply