Breaking

গাঁতত পৰি প্ৰাণ গল চাৰি বছৰীয়া শিশুৰ….

0 92

তামাৰহাটত ঠিকাদাৰে খন্দা গাতত পৰি প্ৰাণ গল চাৰি বছৰীয়া শিশুৰ । ঘটনাক গাপ দিবলৈ উঠি পৰি লাগিছে এটা দালাল চক্ৰই ।স্বয়ম্ভূ ঠিকাদাৰৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবে প্ৰাণ গল এটি চাৰি বছৰীয়া শিশুৰ । ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মুছলমানপাৰা গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা । উল্লেখ্য যে, গাঁওখনৰ মাজেৰে যোৱা পথ এটা  নিৰ্মানৰ কাম চলি আছে আৰু সেই কামত নিয়োজিত হৈ থকা শ্ৰমিক সকল থকাৰ বাবে ঠিকাদাৰে অস্থায়ী ভাবে স্থাপন কৰিছে এটা কেম্প । সেই কেম্পত ব্যৱহৃত হোৱা দমকলৰ লেতেৰা পানী জমা হোৱাৰ বাবে কাষতে ঠিকাদাৰে খান্দিছে এটা দ গাত ।

জনবসতিপূৰ্ণ অঞ্চলৰ মাজত স্থাপন কৰা কেম্পৰ গাতটোৰ চাৰিওফালে বেৰ নথকাৰ বাবে ওচৰৰে এঘৰৰ এটি শিশু গাতৰ পানীত পৰি প্ৰাণ দিব লগা হৈছে । উল্লেখ্য যে, উক্ত গাতটো খন্দাৰ পিছৰে পৰা স্থানীয় ৰাইজে গাতটোৰ চাৰিওফালে বেৰ দিয়াৰ বাবে কামৰ লগত জড়িত আৰু নিজকে ঠিকাদাৰ বুলি পৰিচয় দিয়া জাকিৰ হুছেইন নামৰ ব্যক্তি জনক বাৰংবাৰ কোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত আৰীফ শ্বেখ নামৰ অতি চাৰি বছৰীয়া শিশুৰ জীৱন হেৰুৱাব লগা হৈছে । বিবৰণী মতে, গাঁওখনৰে ৰফিকুল শ্বেখ নামৰ যুৱক এজনৰ সন্তান আৰীফ শ্বেখ নামৰ চাৰি বছৰীয়া শিশুটি বুধবাৰ আবেলিৰ ভাগত ঘৰৰ চোতালত খেলিবলৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ পৰে । পিছত পৰিয়ালৰ লগতে আত্মীয় সজনে শিশুটিক বিচাৰি হাহাকাৰৰ সৃষ্টি কৰে ।

সন্ধিয়াৰ ভাগত বিচাৰি থাকতে ঠিকাদাৰে খন্দা গাতৰ পানীত পৰি মৃত অৱস্থাত শিশুটিক প্রত্যক্ষ কৰাত পৰিয়ালৰ লগতে গাঁওবাসীয়ে ঠিকাদাৰ বিৰুদ্ধে উত্তেজিত হৈ পৰাৰ লগতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় । লক্ষণীয় বিষয় যে, গোপন সূত্ৰে পোৱা খবৰ মতে, ঘটনাটো পোহৰলৈ অহাৰ লগে লগে দালাল চক্ৰ এটাই ঠিকাদাৰৰ পক্ষ লৈ মৃতকৰ পৰিয়ালক টকাৰ লোভ দেখুৱাই সমগ্ৰ ঘটনাটক গাপ দিয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল যদিও ভুক্তভোগীয়ে খবৰ দিয়াত সাংবাদিক আৰু তামাৰহাট আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হোৱাত ঘটনাক গাপ দিব বিচৰা দালাল চক্ৰটো ব্যৰ্থ হয় ।

ইপিনে দীৰ্ঘদিন ধৰি নিম্নমানৰ কাম কৰি টকা উপাৰ্জনত পাকৈত ঠিকাদাৰ ৰাজনানা ব্ৰহ্ম আৰু কামৰ দায়িত্বত থকা অৰ্থাৎ নিজকে ঠিকাদাৰ হিচাপে পৰিচয় দিয়া স্বয়ম্ভূ ঠিকাদাৰ জাকিৰ হুছেইনৰ গুৰুত্ব হীনতাৰ বাবে সংঘটিত হোৱা এই ঘটনাৰ বিৰুদ্ধে প্ৰশাসনে উচিত তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে স্থানীয় ৰাইজে প্ৰশাসনৰ ওপৰত দাবী জনাইছে যদিও আৰক্ষী প্ৰশাসনে জাকিৰৰ  বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয় বিষয় । আনহাতে তামাৰহাট আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ লগতে তদন্ত আৰম্ভ কৰিছে । ইপিনে, যিটো গাতৰ পানীত পৰি এটি শিশুৱে জীৱন দিব লগা হৈছে সেই গাতটো পিছদিনাও ঠিকাদাৰে বন্ধ বা বেৰ নিদিয়াৰ ফলত স্থানীয় ৰাইজ ক্ষোভ প্ৰকাশ কৰে যদিও স্বয়ম্ভূ ঠিকাদাৰ জাকিৰ হুছেইনে এই ক্ষেত্ৰত এতিয়ালৈকে অৰ্থাৎ বাতৰি লিখা লৈকে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । 

Leave A Reply