পশ্চিম নলবাৰীৰ শোলমাৰাত ভাৰতীয় সেনাবাহিনীৰ বিনামূলীয়া পশু স্বাস্থ্য শিবিৰ

দেশ মাতৃৰ বাবে যিকোনো বিপদকালিন সময়ত নিজৰ জীৱন উচৰ্গা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি পশ্চিম নলবাৰী জিলাৰ শোলমাৰাত ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া পশু স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ।

ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা এই স্বাস্থ্য শিবিৰত স্থানীয় অঞ্চলবাসী ৰাইজৰ গৰু ছাগলী কুকুৰ আদিকে ধৰি বিভিন্ন পোহনীয়া জন্তুৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয়  । ভাৰতীয় সেনা বাহিনীয়ে অনুষ্ঠিত কৰা এই পশু  চিকিৎসা শিবিৰত প্ৰায় ৭০০ স্থানীয় ৰাইজৰ ১০০০ ৰো অধিক পশুধনক চিকিৎসা সেৱা আগবঢ়োৱ হয় । আজিৰ এই বিনামূলীয়া স্বাস্থ্য শিবিৰৰ কাৰ্য্যসূচীত ভাৰতীয় সেনাবাহিনীৰ বিষয়ববীয়াৰ লগতে নলবাৰীৰ জিলা উপাযুক্ত পূৰৱী কোঁৱৰ উপস্থিত থাকে । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে ।

Related Articles