Breaking

ওৰাঙৰ টিনা ইন্টাৰনেশ্বনেলৰ উদ্যোগত ১নবেম্বৰৰ পৰা বিনামূলীয়া বিশুদ্ধ খোৱা পানী যোগান

0 2,008

ওদালগুৰি জিলাৰ মাজবাটৰ যুৱক  কিশোৰ শৰ্মাই পশ্ছিম বঙ্গৰ দৰে ৰাজ্যত গৈ TINA INTERNATIONAL নামেৰে পানীৰ মেচিন বিক্রেতা হিচাপে  বিগত ২৩ বছৰ ধৰি উত্তৰ পূৰ্বাঞ্চলৰ লগতে অইন বহুতো ৰাজ্যত পানী ফেক্টৰী খুলিবলৈ প্ৰয়োজন হোৱা মেচিন পত্ৰ যোগান ধৰি অহাৰ সমান্তৰালকৈ উদ্যমী যুৱক কিশোৰ শৰ্মাই নিজ বাসস্থান ওদালগুৰি জিলাৰ মাজবাট বিধানসভাৰ দৰে পিছ পৰি থকা অঞ্চলৰ ৰাইজৰ মাজত বিশুদ্ধ পানীৰ প্ৰতি সচেতনতা অনাৰ স্বাৰ্থত শৰ্মাৰ ব্যৱসায় প্ৰতিষ্ঠান TINA INTERNATIONAL ৰ উদ্যগত আৰু ওৰাং সাংবাদিক সন্থাৰ সহযোগত অহা ইংৰাজী ১ নৱেম্বৰ পৰা  মাহটোৰ নিৰ্ধাৰিত দিনলৈ বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে । মাজবাটৰ উদ্যমী যুৱক কিশোৰ শৰ্মাৰ এই পদক্ষেপক সমগ্ৰ অঞ্চলৰ ৰাইজে শলাগিছে ।ইচ্ছুকে কিশোৰ শৰ্মাৰ 8638809373,8474082221এই ফোন নম্বৰত সকলো প্ৰকাৰৰ যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে ৷ভাৰত বৰ্ষৰ লগতেই অসম ৰাজ্যতো নিবনুৱা সমস্যাই চৰকাৰৰ লগতে সকলো জনসাধাৰণক  চিন্তিত কৰি তোলা সময়তেই ওদালগুৰি জিলাৰ দৰে পিছ পৰি থকা , মাজবাট বিধানসভা সমষ্টিৰ ওৰাংৰ দৰে এটা সৰু ঠাইৰ বাসিন্দা , এটা সাধাৰণ পৰিয়ালৰ এজন উদ্যমী যুৱকে সমগ্ৰ মাজবাট বাসী ৰাইজৰ লগতে ৰাজ্যবাসীৰো  চকু আকৰ্ষিত কৰি তুলিবলৈ সক্ষম হৈছে  । ৰাজনীতিৰ মাজিয়াটো এই কিশোৰ শৰ্মা নামৰ যুৱক জনে নিজৰ পৰিচয় দাঙি ধৰিছে । ওৰাঙৰ  সাধাৰণ ঘৰত জন্ম লাভ কৰা কিশোৰ শৰ্মা নামৰ এই ব্যৱসায়ী জনক ৰাজনীতিৰ পথাৰতো সক্ৰিয় ভূমিকা পালন কৰি অহা পৰিলক্ষিত হৈছে । সমগ্ৰ মাজবাটৰ বিধানসভা সমষ্টিতেই এজন সফল ব্যৱসায়ী লগতে সক্ৰিয় যুৱ নেতা হিচাপে পৰিচিত হবলৈ সক্ষম হৈছে মাজবাটৰ কিশোৰ শৰ্মা নামৰ এই জন যুৱক । এই উদ্যমী ব্যৱসায়ী হিচাপে পৰিচিত কিশোৰ শৰ্মাই ১৯৯৯  চনৰ পৰাই পানীৰ ফিল্টাৰ ব্যৱসায়ৰ লগত সক্ৰিয় ভাবে জড়িত হৈ আহিছে  কিশোৰ শৰ্মাই ওৰাঙৰ দৰে সৰু ঠাইত আৰম্ভ কৰিছে এক সুন্দৰ ব্যৱসায় । কিশোৰ শৰ্মা নামৰ যুৱক জনে দীৰ্ঘ ২৩ বছৰ ধৰি ইণ্ডাষ্ট্ৰিয়েল পানী মেচিন বিক্ৰী কৰ্তা হিচাপে ৰাজ্যত  TINA INTERNATIONAL হিচাপে ইতিমধ্যেই পৰিচিত । প্ৰায়ে ১২  বছৰ আগৰ পৰাই ওৰাঙৰ এই সাধাৰণ পৰিয়ালৰ যুৱক জনে পশ্ছিম বঙ্গৰ দৰে উন্নয়ন শীল ৰাজ্যত গৈয়ো নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰি সফলতা অৰ্জন কৰিছে । TINA INTERNATIONAL আৰু SARMA SUPPLIER নামৰ দুটা কোম্পানীৰ স্বত্বাধিকাৰী কিশোৰ শৰ্মাই সমগ্ৰ ৰাজ্যৰ প্ৰত্যেক জিলাতেই নিজৰ ব্যৱসায় লৈ যোৱা পৰিলক্ষিত হৈছে ।  ওৰাঙৰ এই  উদ্যমী যুৱকে ৰাজ্যৰ বিভিন্ন জিলাত ঘৰ ,হোটেল ,ফ্লেট ,ৰেষ্টুৰেণ্ট, অফিচ কাৰ্য্যালয় আদিত IRON REMOVE মেচিন বহুৱাই  প্ৰচুৰ পৰিমাণ আইৰণ যুক্ত পানী  থকা ঠাইতো বিশুদ্ধ  পানী ৰাইজক দিবলৈ সক্ষম হৈছে ।  পানীয়েই প্ৰাণীৰ প্ৰাণ । মানুহৰ শৰীৰত দেখা দিয়া বেছিভাগ ৰোগ বিশুদ্ধ খোৱাপানীৰ ফলত হয় বুলি প্ৰমাণিত হোৱাত , সমগ্ৰ ভাৰত বর্ষতেই খোৱা পানীক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহে বিশুদ্ধ খোৱা পানীৰ প্ৰতি দেশজুৰি JJM আঁচনিৰ কাম হাতত লৈছে যিটো আঁচনিৰ জৰিয়তে ৰাইজে বিশুদ্ধ পানী পাব । খোৱা পানীৰ  ক্ষেত্ৰত স্বাস্থ্য বিভাগে সকলে ৰাইজক সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনায় আহিছে । ঠিক তেনে সময়ত মাজবাটৰ দৰে পিছ পৰি থকা ঠাইৰ পৰা কিশোৰ শৰ্মায়েও ৰাইজৰ ঘৰে ঘৰে আইৰণৰ লগতে নানান ধৰণৰ বিষাক্ত দ্ৰব্য মিহলি হৈ থকা পানীৰ সমস্যা সমাধানৰ কৰি দিয়াৰ লগতে তেওঁৰ নিজৰ ব্যৱসায়কো চলাই লৈ যোৱা পৰিলক্ষিত হৈছে । মাজবাটৰ জনপ্ৰিয় যুৱ নেতা হিচাপে পৰিচিত কিশোৰ শৰ্মাই বৰ্তমান প্ৰদূষণৰ ফলত পানীত দেখা দিয়া আইৰণৰ লগতে নানান ধৰণৰ সমস্যাৰ সমাধান হিচাপে বজাৰত দেখিবলৈ পোৱা  আধুনিক যুগৰ পানী ফিল্টাৰ ব্যৱসায়ত গুৰুত্ব প্ৰদান কৰিছে । পানীৰ সকলো ধৰণৰ সমস্যাৰ সমাধান কৰা আধুনিক যুগৰ মেচিন যোগান ধৰাৰ উপৰিও কিশোৰ শৰ্মাই পানী ফেক্টৰী খুলিবলৈ প্ৰয়োজন হোৱা যেনে বটল বনোৱা মেচিন ,খালি বটল ভৰ্তি কৰা মেচিন , লেবৰটৰি R.O PLANT আদি যোগান ধৰি আহিছে । দেখিবলৈ পোৱা মতে আগৰ পুৰণি যুগৰ বালিপথাৰৰ ফিল্টাৰৰ পৰা বাৰে বাৰে বালি শীল আদি সলনি কৰাৰ দৰে সমস্যাৰ সমাধান হিচাপে কিশোৰ শৰ্মাই বজাৰত লৈ অহা ফিল্টাৰ এতিয়া ঘৰে ঘৰে বহুৱাই দিয়াৰ বাবে প্ৰচুৰ হেঁচা আছে মই ক্ৰমান্বয়ে সকলোৰে ঘৰে ঘৰে বহুৱাই দিয়াৰ কামো হাতত হৈছোঁ বুলি মাজবাটৰ উদ্যমী যুৱক কিশোৰ শৰ্মাই জানিব দি ব্যৱসায়িক কিশোৰ শৰ্মাই ৰাজ্যৰ প্ৰায়ে বোৰ জিলাতেই  কাৰোবাক পানীৰ  মেচিনৰ প্ৰয়োজন হলে 8638809373 এই নম্বৰত  ফোন কৰি যোগাযোগ কৰিবলৈ আহ্বান জনায় ।অহা নবেম্বৰ মাহৰ উপৰিও মাজে সময়ে  ওৰাং সাংবাদিক সংস্থা আৰু টিনা ইন্টাৰনেশ্বনেলৰ উদ্যোগত  বিনামুলীয়াকৈ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা হব বুলি উদ্যোগক্তা সকলে  জনাইছে ৷

Leave A Reply