Breaking

দিহিং-পাটকাইত চলিব কয়লাৰ মুক্ত খনন : সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ বিৰোধিতা

0 97

ডিব্ৰুগড়

বনাঞ্চল আৰু বন্যপ্রাণীক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে উন্নয়নৰ দোহাই দি চৰকাৰে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত গ্রহণ কৰিছে। ৰাজ্যৰ চৌদিশে বনাঞ্চল ধ্বংসৰ কাৰ্য অব্যাহত থকাৰ মাজতে ৰাজ্যত আৰু এখন বনাঞ্চল নিঃশেষ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। বন্য জীৱকুল আৰু দাঁতিকাষৰীয়া লোকসকলৰ জীৱন-জীৱিকাক বিপদৰ মুখলৈ ঠেলি দি কয়লাৰ মুক্ত খননৰ বাবে প্ৰস্তুতি চলাইছে চৰকাৰে। পৃথিৱীৰ ভিতৰতে জীৱ-বৈচিত্ৰৰে চহকী দিহিং-পাটকাই অসংখ্য বন্যজীৱ, নানান প্ৰজাতিৰ সৰীসৃপ, চৰাই, পতংগ, বিৰল প্ৰজাতিৰ নানান বিধ উদ্ভিদৰে ভৰপূৰ হৈ আছে। তদুপৰি বন্য হস্তীৰো আবাসভূমি এইখন বনাঞ্চল। কয়লাৰ মুক্ত খননৰ ফলত এই জীৱ-বৈচিত্ৰ নিঃশেষ হোৱাৰ লগতে ইয়াত বাস কৰা বন্য জীৱকুলো অস্তিত্বৰ সংকটত পৰিব। তদুপৰি দিহিং-পাটকাইৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ সৈতে হাতী-মানুহৰ সংঘাত সৃষ্টি হ’ব। নতুন বনাঞ্চল সৃষ্টিত কোনো অৰিহণা যোগাব নোৱাৰা চৰকাৰৰ বন ধ্বংস কৰাৰ কোনো অধিকাৰ নাই। গতিকে সদৌ অসম ছাত্ৰ সন্থাই খননৰ তীব্র বিৰোধিতা কৰি দিহিং-পাটকাইত কয়লাৰ মুক্ত খননৰ ফলত সৃষ্টি হ’ব লগীয়া সকলোবোৰ সমস্যাৰ বিজ্ঞান সন্মত বিশ্লেষণ কৰি এই সিদ্ধান্ত অলতি পলমে বাতিল কৰিবলৈ দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। অন্যথা এটা বৃহৎ অঞ্চলৰ মানুহ আৰু বন্যপ্রাণী ধ্বংস হোৱাটো নিশ্চিত হৈ পৰিছে বুলিও উল্লেখ কৰিছে।

Leave A Reply