Breaking

দিহিং পাটকাইত মুক্ত খনন : তথ্য জনা অধিকাৰ আইনৰ কাষ চাপিল পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী

0 154

দেওপানী

শেহতীয়াকৈ উজনি অসমৰ দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যত মুক্ত খননৰ অনুমোদন জনোৱাৰ পিছতেই সোচ্ছাৰ হৈ পৰিছে বিশিষ্ট পৰিৱেশকৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী৷ পৰিৱেশকৰ্মী গোস্বামী সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তথ্য জনা অধিকাৰ আইনত আবেদন দাখিল কৰে৷ গোস্বামীয়ে আৰটিআইৰ জৰিয়তে জানিব বিচৰা অনুসৰি দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত বনাঞ্চলত মুকলিকৈ কয়লা খনন কৰিবলৈ লোৱাৰ সন্দৰ্ভত চলিত বৰ্ষৰ ৭ এপ্ৰিলত অনুষ্ঠিত বৈঠকত পৰিষদে পূৰ্বতে গঠন কৰি দিয়া সনিতিখনৰ অধ্যক্ষ ৰমন সুকুমাৰে দাখিল কৰা প্ৰতিবেদনৰ প্ৰতিলিপি, পৰিষদে গঠন কৰি দিয়া সমিতিখনে প্ৰতিলিপি দাখিল কৰাৰ পূৰ্বে দিহিং পাটকাইত স্বজমীন জৰীপৰ প্ৰতিবেদনৰ প্ৰতিলিপি আৰু সেই জৰীপৰ কালচোৱাত সমিতিখনৰ কোন কোন বিষয়ববীয়া উপস্থিত আছিল সেইসকলৰ সম্পূৰ্ণ পৰিচয় বিচৰাৰ লগতে ২০১৮-২০ বৰ্ষৰ ৰাজ্যিক বন্যপ্ৰাণী উপদেষ্টা পৰিষদৰ বিষয় ববীয়াসকলৰ সম্পূৰ্ণ পৰিচয় আৰু পৰিষদে উক্ত বৰ্ষত কেইখন বৈঠক অনুষ্ঠিত কৰিছিল সেই সন্দৰ্ভত সবিশেষ বিচাৰি তথ্য জনা অধিকাৰ আইন-২০০৫ ৰ ভিত্তিত আবেদন জনায়৷

Leave A Reply