Breaking

লক্ষীকান্ত সাংস্কৃতিক মহাবিদ্যালয়, সমন্বয় কলা কৃষ্টি উদ্যোগত বিনামূলীয়া চকু আৰু স্বাস্থ্য শিবিৰ 

0 1,073

লক্ষীকান্ত সাংস্কৃতিক মহাবিদ্যালয় আৰু সমন্বয় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সঞ্চালক যতীন্দ্ৰ নাথ কৃষ্ণদাসৰ উদ্যোগত সাংস্কৃতিকজ্যোতি শিক্ষানুষ্ঠানৰ সৌজন্যত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ,বৰদৌলগুৰিত আয়োজন কৰা বিনামূলীয়া চকু আৰু স্বাস্থ্য শিবিৰ। দিনৰ ১০ বজাত আৰাম্ভ হোৱা চিকিৎসা শিৱিৰত প্ৰায় ২০০ জনৰো অধিক ৰোগীক চিকিৎসা প্ৰদান কৰাৰ উপৰিও ৮০ জনক বিনামূলীয়াকৈ চশমা বিতৰণ কৰাৰ লগতে ৬ জনক অস্ত্ৰোপচাৰৰ কাৰণে গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।

চকু চিকিৎসক  ভুমিধৰ দাস,শ্ৰীগুনেন্দ্ৰ শৰ্মা আৰু স্বাস্থি চিকিৎসক ভাস্কৰ শৰ্মালৈ তথা সহায়ক হিচাপে থকা  জিতুমণি চহৰীয়া,কবিতা চহৰীয়া,ৰূপকোৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ অধাক্ষ সহিত সমুহ শিক্ষক-শিক্ষয়িত্ৰী বৃন্দক ধন্যবাদ  জনোৱাৰ লগতে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ যুটীয়া সঞ্চালক ডাঃহৰপাল সিং  আৰু অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ নিৰ্মল কুমাৰ বেৰিয়ালৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে সঞ্চালক যতীন্দ্ৰ নাথ কৃষ্ণদাস আৰু সচিৱ উষাৰাণী দেৱীয়ে।

Leave A Reply