মৰিগাঁও জিলাৰ ভূৰাগাঁৱত আজি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্টিত কৰা হয় ।

Bosco Reach Out গুৱাহাটীৰ উদ্যোগত ,মৰিগাঁও জাগৰণ আত্ম সহায়ক গোট আৰু ভূৰাগাঁও মহাবিদ্যালয়ৰ সৌজন্যত ভূৰাগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা হয়।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিশেষজ্ঞ চিকিৎসক হিমাদ্ৰী কুৰ্মী, মুনমুন ৰয় আৰু ৰিংচাৰ বাগলাৰীয়ে শিবিৰত চিকিৎসা সেৱা আগবঢ়ায় ।এই শিবিৰত প্ৰায় চাৰি শতাধিক লোকৰ চকু পৰীক্ষা আৰু চিকিৎসা প্ৰদান কৰা হয় ।