Breaking

পঞ্চায়তে পঞ্চায়তে বিনামূলীয়া চকু চিকিৎসা শিবিৰ

0 2,061

চতিয়া সমষ্টিৰ নদুৱাৰ কিষান মৰ্চাই দৰিদ্ৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ হিতাৰ্থে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷বিগত দিনসমুহত একো একোটা পঞ্চায়তৰ কেবাখনো গাঁৱক সামৰি অনুষ্ঠিত কৰি অহা চকু চিকিৎসা শিবিৰৰ জৰিয়তে হাজাৰোধিক দৰিদ্ৰ ৰোগীয়ে চকু পৰীক্ষা কৰোৱাৰ পাছত যোৱা দুটা দিনতো নদুৱাৰ কিষান মৰ্চাৰ সভাপতি বাবুল বৰাৰ নেতৃত্বত ক্ৰমে পূৱ নাগশংকৰ গাঁও পঞ্চায়তৰ আমবাৰী কেম্প চাৰিআলিৰ বেজগাঁৱৰ প্ৰাথমিক বিদ্যালয়ত আৰু পূৱ মূঢ়াদল গাঁও পঞ্চায়তৰ গেলা হাটিঙাৰ বাগান অধ্যুষিত অঞ্চলত এই বিনামুলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰে।

তেজপুৰ চকু চিকিৎসালয়(ইআৰচি)ৰ চিকিৎসক ডা° জুলি শইকীয়া আৰু ডা° শান্তনু ঘোষে চিকিৎসা আগবঢ়োৱা শিৱিৰ দুটাতো ৫ শতাধিক লোকক চকু পৰীক্ষা কৰি বিনামুলীয়া ঔষধ আগবঢ়োৱাৰ লগতে পূৰ্ৱৰ শিবিৰসমুহৰ দৰেই অতি ৰেহাই মূল্যত প্ৰয়োজনীয় চছমাও প্ৰদান কৰে উদ্যোক্তাসকলে।নদুৱাৰ কিষান মৰ্চাৰ সভাপতি বাবুল বৰাই কয় যে দৰিদ্ৰ ৰোগীসকলৰ সুবিধাৰ্থেই আমি এইদৰে বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গ্ৰামাঞ্চলৰ কৃষক,দৈনিক হাজিৰা কৰা তথা দৰিদ্ৰ লোকসকলক চকুৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে আগবাঢ়ি আহিছো৷তেঁওলোক যাতে যাতায়তৰ বাবেই হঁওক নতুবা টকা পইচাৰ অসুবিধাতেই হঁওক,চিকিৎসা কৰোৱাৰ দিশটোৰপৰা যেন বঞ্চিত হ’বলগীয়া নহয় সেইহেতুকেই নদুৱাৰ কিষান মৰ্চাই যোৱা দুমাহ ধৰি প্ৰতিটো পঞ্চায়তৰ বহুকেইখন গাঁও সামৰি দৰিদ্ৰ ৰোগীৰ সুবিধাৰ্থে শিবিৰ অনুষ্ঠিত কৰি আহিছো আৰু বিনামুলীয়াকৈ ঔষধ আৰু অতি কম মূল্যত চছমা আৰু অন্যান্য সুবিধাসমুহ লাভ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছো৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত নদুৱাৰ কিষান মৰ্চাৰ সভাপতি বাবুল বৰাৰ নেতৃত্বত পূৱ মূঢ়াদলৰ গেলাহাটিঙাত অনুষ্ঠিত শিৱিৰত বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতিয়া বৰা,পূৱ মূঢ়াদল গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আকাশ তচা,নদুৱাৰ মণ্ডল চাহ মৰ্চাৰ সভাপতি ভদেশ্বৰ প্ৰজা উপস্থিত থকাৰ লগতে আমবাৰী কেম্প চাৰিআলিৰ শিবিৰটোত নাগশংকৰ জিলা পৰিষদ সদস্য হিতেশ বৰুৱা আৰু বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতিয়া বৰাও উপস্থিত আছিল৷শিবিৰসমুহ পৰিচালনা কৰাৰ ক্ষেত্ৰত কিষান মৰ্চাৰ উপ সভাপতি পংকজ শইকীয়া,সাধাৰণ সম্পাদক বিজয় কটকীৰ প্ৰচেষ্টাও উল্লেখযোগ্য আছিল।আয়ুস্মান কাৰ্ড থকা চকুৰ ৰোগীৰ ক্ষেত্ৰত চকু অস্ত্ৰোপচাৰ বিনামূলীয়াকৈ কৰা হ’ব আৰু এই বিশেষ কাৰ্ড নথকাসকলক কেৱল মাত্ৰ ৩৫০০ টকাতে এই শিবিৰৰ জৰিয়তে চকুৰ অস্ত্ৰোপচাৰ কৰাৰ সুবিধা আগবঢ়াই আহিছে বুলিও জানিব দিছে নদুৱাৰ কিষান মৰ্চাই৷পৰৱৰ্তী সময়চোৱাত চতিয়া সমষ্টিৰ মধ্য চিলাবন্ধা,উত্তৰ বৰভগীয়া আৰু উত্তৰ চিলাবন্ধা পঞ্চায়তৰ কেবাটাও অঞ্চল সামৰি এই শিবিৰ অনুষ্ঠিত কৰা হ’ব বুলিও জানিব দিছে নদুৱাৰ কিষান মৰ্চাৰ সভাপতি বাবুল বৰাই৷উল্লেখ্য যে নদুৱাৰ কিষাণ মৰ্চাই অনুষ্ঠিত কৰি অহা এই চকু চিকিৎসা শিবিৰৰ জৰিয়তে প্ৰায় ডেৰ হাজাৰোধিক চকুৰ ৰোগত আক্ৰান্ত ৰোগী উপকৃত হ’ব পাৰিছে বুলিও জানিব পৰা গৈছে৷

Leave A Reply