Breaking

ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

0 2,073

নিজৰ জীৱন উচৰ্গা কৰি দেশ মাতৃৰ সেৱা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ পাটকিজুলি অঞ্চলৰ ফুটবল খেলপথাৰত আজি ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ দ্বাৰা দিনযোৰা হিচাপে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । এই স্বাস্থ্য শিবিৰত দন্ত,কাণ,নাক,মেডিচিন বিভাগৰ লগতে বহুত ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে প্ৰতিজন চিকিৎসা কৰিব অহা লোকক বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয়  । ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনে অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত প্ৰায় তিনি শতাধিক স্থানীয় ৰাইজে চিকিৎসা সেৱা লাভ কৰিবলৈ উপস্থিত হয় । তদুপৰি দৰঙ্গা হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকলেও এই চিকিৎসা শিবিৰত উপস্থিত হয় নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰায় । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে চিকিৎসা সেৱা লাভ কৰিব অহা স্থানীয় ৰাইজে শলাগ লয় ।

Leave A Reply