Breaking

মৰিগাঁৱৰ বৰপেতাবৰিত বিনামূলীয়া স্বাস্থ্য সেৱা…

0 75

মৰিগাঁও বৰপেতাবৰিত AMO আয়ুৰ্বেদিক মেদিকজ অৰ্গেনাইজেচন আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল ,মৰিগাঁও শাখাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য সেৱা অনুষ্ঠান। ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে AMO আয়ুৰ্বেদিক মেদিকজ অৰ্গেনাইজেচন আৰু সেৱা ভাৰতী পূৰ্বাঞ্চল , মৰিগাঁও শাখাৰ উদ্যোগত মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী অঞ্চল বৰপেটাবৰী প্ৰাথমিক বিদ্যালয়ত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।

উক্ত শিবিৰত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়াই ডিফু মানজা block PHC ৰ মেডিকেল অফিচাৰ তথা AMO প্ৰান্ত সাংগঠনিক সম্পাদক ডাঃ গৌতম জইছোৱাল দেবে। উক্ত শিবিৰত চিকিৎসা আগবঢ়াই অন্য এজন চিকিৎসক দলংঘাত মডেল হস্পিতাল ৰ অৱসৰ প্ৰাপ্ত মেডিকেল অফিচাৰ তথা AMO ৰ সদস্য মৰিগাঁও নিবাসী ডাঃ বিচিত্ৰ নাৰায়ণ ডেকা দেবে।

অন্য এগৰাকী ডিফু চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী তথা সদৌ অসম চিকিৎসা মহাবিদ্যালয় কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক খেম প্ৰসাদ শৰ্মা। অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱ ক সংঘৰ জিলা প্ৰচাৰক বিকাশ কলিতা,সেৱা ভাৰতী পূৰ্বাঞ্চলৰ নগাঁও বিভাগ সংগঠন মন্ত্ৰী নিৰঞ্জন বিশ্বাস ,স্থানীয় সমাজকৰ্মী শংকৰী সমাজৰ আচাৰ্য বাবুলাল বৰদলৈ, অনুষ্ঠানটোৰ মূল আয়োজক ভূৰবন্ধা খণ্ড শাৰীৰিক প্ৰমুখ নীলমণি বৰদলৈ ।উক্ত শিবিৰত দুই শতাধিক মাতৃ ,শিশু বৃদ্ধ লোকক বিনামূলীয়া কৈ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়।

Leave A Reply